পান পাত খোৱা দেখি যদি আপুনি বিৰক্ত অনুভৱ কৰে বা এই অভ্যাস আপোনাৰ ভাল নালাগে, তেন্তে জানি থওক যে পান চোবাই খোৱাটো স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী। বহুতো ধৰ্মীয় অনুষ্ঠানতো পান ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াক মুখ সতেজতা হিচাপেও ব্যৱহাৰ কৰা হয়।
পান পাতৰ উপকাৰিতা
-আয়ুৰ্বেদ বিশেষজ্ঞসকলে কয় যে সতেজ পান স্বাস্থ্যৰ বাবে বহু দিশত ভাল।
পান পাতৰ বহুতো ঔষধি গুণ আছে। তেওঁ কয় যে আয়ুৰ্বেদত পানৰ অতি গুৰুত্ব আছে। ইয়াত ৰাইবোফ্লেভিন, কেৰটিন, কেলচিয়াম, ভিটামিন চি, নিয়াচিন, ক্ল’ৰ’ফিল আৰু এন্টিঅক্সিডেন্ট পোৱা যায়। পানৰ সঠিকভাৱে সেৱন কৰা হয় তেন্তে ই শৰীৰক বহু সমস্যাৰ পৰা ৰক্ষা কৰে।
-ৰাতিপুৱা খালী পেটত নিয়মিতভাৱে পান চোবাই খালে বহু উপকাৰ পোৱা যায়। ঘা শুকুৱাই লোৱাত সহায় কৰে।
-বদহজম অথবা কোষ্ঠকাঠিন্যত ভুগি থকা লোকে পান পাত খাব পাৰে। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত এইটো চোবাই খাব। ইয়াৰ ফলত পাচনতন্ত্ৰ শক্তিশালী হয়।
-পানৰ পাতে কাহ আৰু চৰ্দিৰ চিকিৎসাত সহায় কৰিব পাৰে।
-পান পাতৰ এন্টিচেপ্টিক গুণ থাকে, যিয়ে শৰীৰক বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে।