1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:25 am

পানী পিয়াহ লাগি থাকে নেকি অনবৰতে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে!

  • Update Time : Wednesday, July 24, 2024

বাৰে বাৰে পানী খোৱাৰ পিছতো পিয়াহ নপলাই নেকি আপোনাৰ? এনে কিয় হয় জানেনে? পানী খোৱাটো সকলো মানুহৰ প্ৰয়োজন, কিন্তু যদি এই প্ৰয়োজন অত্যধিক হৈ পৰে তেন্তে শৰীৰত কিবা ৰোগ হোৱাৰ সম্ভাৱনা৷
. ডায়েবেটিছ হৈছে এনেকুৱা এক ৰোগ, যিকোনো বয়সৰ মানুহে এই ৰোগৰ বলি হৈছে। ডায়েবেটিছৰ ৰোগ হোৱাৰ অৱস্থাত তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়াৰ বাবে শৰীৰত পানীৰ অভাৱ হয় আৰু বাৰে বাৰে পিয়াহ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰাটো প্ৰয়োজনীয়।
. আমি প্ৰায়ে বিয়া, পাৰ্টি বা ঘৰত অত্যধিক টেঙা খাদ্য খাওঁ, এই খাদ্য হজম কৰাটো সহজ নহয়। এনে খাদ্য হজম কৰিবলৈ আমাৰ শৰীৰক অধিক পানীৰ প্ৰয়োজন হয়, তাৰ পিছত আমি স্বাভাৱিকতকৈ অধিক পিয়াহ অনুভৱ কৰো।
. গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাটো সাধাৰণ কথা, কিন্তু শীতকালত বা স্বাভাৱিক বতৰত যেতিয়া ঘাম ওলাই তেতিয়া ই শৰীৰৰ বহু ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰ কাৰণেও আপুনি অধিক পিয়াহ অনুভৱ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme