1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:05 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

পাকিস্তানৰ ৰাজধানীত নাই নেকি হিন্দু মন্দিৰ?

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ মুছলমানৰ আগ্ৰাসন চলিছে সমগ্ৰ পৃথিৱীত৷ এই কথা মিছা আখ্যা দি খোদ মুছলমান অধ্যুষিত দেশতেই নিৰ্মাণ হ’ব হিন্দু মন্দিৰ৷ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত নিৰ্মাণৰ কাম হাতত লোৱা হৈছে এটা হিন্দু মন্দিৰৰ৷ পাকিস্তানৰ ৰাজধানীত প্ৰথমটো হিন্দু মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত কিয় লৈছে প্ৰধানমন্ত্ৰী ইমৰাণ খানে? এই বিষয়টোৱে এতিয়া সমগ্ৰতে চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷

পাকিস্তানৰ ৰাজধানীত কিয় নিৰ্মাণ কৰিব প্ৰথমটো হিন্দু মন্দিৰ?

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত প্ৰথম হিন্দু মন্দিৰ নিৰ্মাণৰ কামত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী ইমৰান খান শাসিত চৰকাৰখনে৷ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত নিৰ্মাণ হ’ব মন্দিৰটো৷ মন্দিৰ নিৰ্মাণ হ’ব লগা ভূমিভাগ পূৰ্বতে পাকিস্তানত বাস কৰা হিন্দু পৰিয়াল এটাই মন্দিৰ পতাৰ বাবেই দান কৰিছিল৷ কিন্তু মাটিখিনিক লৈ কিছু বাদ-বিবাদ চলি থকাৰ বাবে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাছিল৷ শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী ইমৰাণ খানে নিৰ্দেশ দিয়ে যে এই মাটিখিনি যিহেতু মন্দিৰৰ বাবেই প্ৰদান কৰা মাটি গতিকে এই স্থানত মন্দিৰেই নিৰ্মাণ হ’ব৷

কিয় মন্দিৰ নিৰ্মাণৰ বাবে দিয়া ভূমিক লৈ আদালতৰ কাষ চাপিছিল মুছলমান সংগঠন?

শাসিত চৰকাৰখনেই মৌলবাদীৰ প্ৰৰোচনাত এই ভূমি মন্দিৰ নিৰ্মাণৰ বাবে দিয়াৰ ক্ষেত্ৰত অস্বীকাৰ কৰিছিল৷ ইছলামাবাদত প্ৰথমবাৰৰ বাবে ০.৫ একৰ ভূমি মন্দিৰ নিৰ্মাণত প্ৰদান কৰা হৈছে৷ এই ভূমি পোনতে ২০১৬ চনতেই হিন্দু মন্দিৰ, শ্মশান আৰু সামূহিক কেন্দ্ৰ নিৰ্মাণৰ বাবে আৱণ্টন কৰা হৈছিল। কিন্তু এই ভূমি আবন্টন কৰোতেই দেশখনৰ একাংশ সংখ্যালঘু লোকে আপত্তি দৰ্শাই আদালতৰ কাষ চাপে৷ আদালতৰ কাষ চপাৰ বাবেই মাটিখিনিত কোনোধৰণৰ ঘৰ বা মন্দিৰ নিৰ্মাণৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে আদালতে৷ আদালতৰ নিৰ্দেশৰ পিছতেই বিগত ৫ বছৰে মাটিখিনিত মন্দিৰ নিৰ্মাণৰ কাম বন্ধ হৈ আছিল৷

পাকিস্তানৰ ৰাজধানীত নাই হিন্দু মন্দিৰ, নাই হিন্দুৰ কোনো শ্মশান?

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত বাস কৰা হিন্দুলোকসকলৰ ওপৰত একাংশ মুছলমান সন্ত্ৰাসবাদী সংগঠনে বহুসময়ত আক্ৰমণ চলাই আহিছে৷ কিন্তু শেহতীয়াভাৱে ইমৰাণ খান শাসিত চৰকাৰৰ পাকিস্তানত বাস কৰা হিন্দুসকলক লৈ নৰম স্থিতি প্ৰদৰ্শন কৰাক লৈ সন্দেহো কৰিছে একাংশই৷ কিয়নো পাকিস্তানত নিৰ্বাচন সমাগত৷ নিৰ্বাচনৰ আগমুহূৰ্তত হিন্দু ভোটাৰসকলক আকৃষ্ট কৰোৱাৰ এইয়া এক কৌশল নেকি বুলিও চৰ্চা চলা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত বৰ্তমানলৈ হিন্দুসকলৰ বাবে কোনো শ্মশান বা মন্দিৰ নাই৷ হিন্দুলোকসকলে পূজা-পাঠ ঘৰতে কৰাৰ দৰেই সৎকাৰো নিজা বাসগৃহ চৌহদতে কৰিব লগা হয়৷ শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সিদ্ধান্তক লৈ যথেষ্ট আশাবাদী হৈ উঠিছে ইছলামাবাদত বাস কৰা হিন্দুসকল৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme