1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:40 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

পাকিস্তানী সন্ত্ৰাসবাদীৰ লক্ষ্য এতিয়া সীমামূৰীয়া কাশ্মীৰ, কিন্তু কিয়?

  • Update Time : Friday, November 5, 2021

ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত সমগ্ৰতে তালিবানৰ কু-কৃতিৰ চৰ্চা অব্যাহত আছে।কিন্তু কেৱল আফগানিস্তান দখলতে তালিবান শান্ত হৈ নাথাকি এইবাৰ পাকিস্তানক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে এটা তালিবানী সংগঠনে। পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণ ৪ বছৰত সৰ্বাধিক হোৱা বুলি পাকিস্তানৰ এখন আগশাৰীৰ কাকতে উল্লেখ কৰিছে। তালিবানৰ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) শেহতীয়া আফগানিস্তানৰ ঘটনাৱলীৰ পৰা উৎসাহিত হৈ অনুৰুপ ভাৱে পাকিস্তানকো অশান্ত কৰাৰ চেষ্টা চলোৱা বুলি সৰ্বত্ৰতে চৰ্চ হৈছে লগতে সীমামূৰীয়া কাশ্মীৰকো এইবাৰ লক্ষ্য কৰি লৈছে।

এটা আগশাৰীৰ সংস্থাই সংকলন কৰা তথ্য অনুসৰি এমাহৰো অধিক আগতে তালিবানে আফগানিস্তানত দ্ৰুত আক্ৰমণত সফলতা লাভ কৰাৰ পিছৰে পৰা পাকিস্তানতো সন্ত্ৰাসবাদী আক্ৰমণ বহুগুণে বৃদ্ধি পাইছে। প্ৰতিবেদনখনে দেখুৱাইছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পৰা কৰ্তৃত্ব প্ৰত্যাহাৰ কৰাৰ পিছত আৰু তালিবানে কাবুল দখল কৰাৰ পিছত, পাকিস্তানত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে। অঞ্চলটোত বৰ্ধিত অস্থিৰতাৰ সংকেত দি বিশেষজ্ঞসকলে কয় যে পাকিস্তানত সামৰিক শাসন আঁতৰাই ইছলামাবাদ প্ৰতিষ্ঠা কৰিবলৈ একাংশ সন্ত্ৰাসবাদী সংগঠনে চেষ্টা কৰি আছে। ব্লুমবাৰ্গ সংবাদ সংস্থাই প্ৰকাশ কৰা শেহতীয়া সমীক্ষা অনুসৰি – পাকিস্তানত কমেও ৩৫ বাৰ সন্ত্ৰাসবাদী আক্ৰমণ চলিছে।এই বৰ্ষৰ আগষ্ট মাহত কেৱল সন্ত্ৰাসবাদীৰ আক্ৰমনত ৫২ জন নাগৰিক নিহত হৈছে, যি ফেব্ৰুৱাৰী ২০১৭-ৰ পিছত সন্ত্ৰাসবাদীৰ আক্ৰমনত সৰ্বাধিক নিহতৰ সংখ্যা। এই আক্ৰমন সমূহৰ মূলতে হৈছে তালিবানৰ এক শাখা সন্ত্ৰাসবাদী সংগঠন তেহরিক-ই-তালিবান পাকিস্তান (টিটিপি)। টিটিপি, যাক ‘পাকিস্তানী তালিবান’ বুলি কোৱা হয়,যিয়ে সমগ্ৰ পাকিস্তানক অশান্ত কৰি হিংসাত্মক সামৰিক অভিযান চলাই শাসিত চৰকাৰক উৎখাত কৰাৰ প্ৰচেষ্টা চলাইছে। ই আন কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক বজাই ৰাখে, যাৰ ভিতৰত আছে আল-কায়েদাও সংযুক্ত হৈ আছে। এই প্ৰান্তীয় উগ্ৰপন্থীৰ গোটটোৱে আফগানিস্তানত হোৱা ঘটনাৰ দ্বাৰা অধিক উৎসাহিত” হৈছিল।সন্ত্ৰাসবাদী দলটো ইতিমধ্যে আফগানিস্তানৰ পৰিস্থিতিৰ আগতে অধিক শক্তিশালী হৈ আহিছিল আৰু বিগত প্ৰায় এবছৰধৰি স্প্লিণ্টাৰ গোটবোৰ একত্ৰিত হৈ আছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ শান্তি প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিশেষজ্ঞ আচফান্দিয়াৰ মীৰে প্ৰকাশ কৰা অনুসৰি পাকিস্তানে এই বিষয়ে মুকলিকৈ কথা কোৱা নাই, পাকিস্তানো তালিবানৰ ভাবুকিৰ পুনৰ উদ্ভৱক লৈ চিন্তিত, যিটো আগতে ঘৰুৱা সামৰিক অভিযান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণৰ জড়িয়তে দমন কৰা হৈছিল। কাবুলৰ নতুন শাসকসকলৰ মাজত অনুগ্ৰহ লাভ কৰাৰ আশাত আৰু এই প্ৰক্ৰিয়াটোত চুবুৰীয়া দেশ ভাৰতক অস্বস্তিত ৰখাৰ বাবেই পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ এই পৰিকল্পনা বুলিও প্ৰকাশ কৰিছে আমেৰিকান দূতবাসজনে। ইফালে আফগানিস্তানত উগ্ৰপন্থীসকল ক্ষমতালৈ অহাৰ পিছত পাকিস্তান চৰকাৰে বিচৰা কেইবাজনো সন্ত্ৰাসবাদীক আফগানিস্তানৰ কাৰাগাৰৰ পৰা মুক্ত কৰি দিছে।আফগানিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি দুজন পাকিস্তানী সৈনিকক হত্যা কৰাৰ লগতে অক্টোবৰ মাহত সন্ত্ৰাসবাদী আৰু সেনাৰ সংঘৰ্ষত বহুলোক আহতও হৈছে। সেনাৰ মিডিয়া শাখাই প্ৰেৰণ কৰা এক বিবৃতি অনুসৰি কিছুদিন পূৰ্বে পাকিস্তানী সেনাই দক্ষিণ ৱাজিৰিস্তানত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ কৰাৰ ফলত আন সাতজন সৈনিকৰ মৃত্যু হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme