1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 3:08 am

পবিত্ৰ শাওন মাহৰ নাগ পঞ্চমীৰ দিনা ভুলতো নকৰিব এনে কাম অন্যথা আপোনাৰ পৰিয়ালৰ ওপৰত ৰুষ্ট হ’ব মহাদেৱ

  • Update Time : Sunday, July 27, 2025

চলি আছে পবিত্ৰ শাওন মাহ আৰু এই শাওন মাহ ভগৱান শিৱৰ নামত উত্সৰ্গা কৰা হয়। পবিত্ৰ শাওন মাহত নাগপঞ্চমীও অন্তৰ্ভুক্ত, নাগপঞ্চমীৰ দিনা সৰ্প দেৱতাক আৰধনা কৰা হয়। সৰ্প হৈছে মহাপ্ৰভু শিৱৰ অনুগামী আৰু সদায় তেওঁৰ ডিঙিত থাকে। আনহাতে ভগৱান বিষ্ণু শেষনাগৰ বিচনাত বিশ্ৰাম লয়। সাপক ধনৰ ৰক্ষক বুলি গণ্য কৰা হয়। প্ৰতি বছৰে শাওন মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা নাগ দেৱতা নাগ পঞ্চমীৰ পূজাৰ উৎসৱ পালন কৰা হয়। এইবাৰ ২৯ জুলাইত পালন কৰা হ’ব নাগ পঞ্চমী। এই দিনটোত সাপ পূজা কৰিলে অপৰিসীম সুখ আৰু সমৃদ্ধি পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে এই দিনটোত ভগৱান শিৱৰো পূজা কৰা হয়।

নাগ পঞ্চমীৰ নিয়মঃ

একাংশ ভক্তপ্ৰাণ ৰাইজে নাগ পঞ্চমীৰ দিনা সৰ্প দেৱতাক আৰধনা কৰে, উক্ত দিনটোত কেঁচা গাখীৰ, ফুল, চাউল আদি তেওঁক অৰ্পণ কৰিব লাগে লগতে ধূপ আৰু এটা দীপ জ্বলোৱা। ইয়াৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ কথাও মনত ৰাখিব আৰু যিবোৰ কাম নিষিদ্ধ কৰা হৈছে সেইবোৰ নকৰিব। নাগ পঞ্চমীৰ দিনা এইবোৰ কাম কৰিলে বহুত ক্ষতি হব পাৰে।

নাগ পঞ্চমীৰ দিনা ভুলতো সাপক গাখীৰ খোৱা দিয়াৰ ভুল নকৰিব, তেনে কৰিলে সাপৰ ক্ষতি হয়। তাৰ সলনি সাপৰ মূৰ্তি বা ছবিক সদায় গাখীৰ আগবঢ়াব। উক্ত দিনটোত কোনো জীৱ-জন্তুক অত্যাচাৰ নকৰিব, নাগ পঞ্চমীৰ দিনা সাপক অত্যাচাৰ বা হত্যা কৰিলে নৰকৰ দুৱাৰ মুকলি হ’ব পাৰে। ইয়াৰ বাবেই এজন ব্যক্তিয়ে ভয়ংকৰ কাল সৰ্প দোষৰ সন্মুখীন হ’বলগীয়া হয়। লগতে ইয়াৰ বেয়া প্ৰভাৱ বহু প্ৰজন্মলৈকে থাকে। ইয়াৰ পৰিণাম সমগ্ৰ বংশই ভোগ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme