আজি পবিত্ৰ ভাদ মাহৰ আৰম্ভণি৷ এই শুভক্ষণত ৰাজ্যৰ প্ৰায় প্ৰতিঘৰত ভাদ মাহৰ পহিলা দিনটোৰ পৰাই দেখিবলৈ পোৱা যাব অনন্য পৰিৱেশ। ঘৰখনৰ অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি সকলোৱে ভকত-বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশিষ ল’ব। হয়তো এভাগি শৰাই দিব, কোনোৱে এগছি বন্তি। ভাদ মাহ মানেইটো নামঘৰমুখী যাত্রা। জাতীয় সাজযোৰ পৰিধান কৰি সকলোৱে ওলাই যায় নামঘৰ সত্ৰলৈ বুলি। এই পবিত্র ভাদ মাহে সমাজখনক জাতি ভেদ নেওচি একতাৰ এনাজৰীৰে বান্ধি ৰাখে। এই পৱিত্ৰ ভাদ মাহত আকাশে বতাহে গুণ্জৰিত হয় হৰি নামৰ ধ্বনি। অসমৰ সত্ৰসমূহত দৈনন্দিন কাৰ্যসূচীৰে পালিত হৈ অহা প্ৰসংগকে চৈধ্য প্ৰসংগ বুলি কোৱা হয়। এই চৈধ্য প্ৰসংগক পুৱা, বিয়লি আৰু সন্ধ্যা তিনি ভাগত ভাগ কৰি চৈধ্যটা সাংখ্যিক ৰূপত কাৰ্যকৰী কৰা হয়। এই চৈধ্য প্ৰসংগ হৈছে-
পুৱাৰ প্ৰসংগ-
১.পুৱাৰ গীত
২.ভটিমা
৩.উপদেশ
৪.নাম
৫.পাঠ
বিয়লিৰ প্ৰসংগ-
৬.আগপাঠ
৭.শেহপাঠ
৮.নাম
৯.উপদেশ
গধূলিৰ প্ৰসংগ-
১০.ভটিমা
১১.প্ৰসংগ
১২.নাম
১৩.কীৰ্তন
১৪.পাঠ
অসমৰ সত্ৰসমূহত প্ৰতিদিনে চৈধ্য প্ৰসংগ হয় যদিও ভাদ মাহটোত ওঠৰ প্ৰসংগ পৰিৱেশন কৰা হয়। এই পবিত্ৰ মাহৰ শুভক্ষণত আকাশে বতাহে গুঞ্জৰিত হ’ব হৰি নামৰ ধ্বনি, ঐতিহ্য পৰম্পৰাৰ ৰক্ষাৰ
মাজেৰে উদযাপন কৰা হ’ব পবিত্ৰ ভাদ মাহৰ গোপিনীৰ নাম আৰু ভকত বৈষ্ণৱৰ নাম প্ৰসঙ্গৰ অনুষ্ঠান৷