কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্কঃ ৰাজ্যত অচিৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব তাকেই লৈ বিবিধ জল্পনা কল্পনা চলি থাকোতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে ৰাজ্যত কেতিয়া হ’ব পঞ্চায়ত নিৰ্বাচন৷ সংবাদ মাধ্যমৰ সম্মুখত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ‘একাদশ শ্ৰেণীৰ পৰীক্ষা শেষ হোৱাৰ পিচতেই ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন৷ ৰঙালী বিহুৰ মাজতেই ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন৷ ‘