ডিজিটেল ডেস্কঃ অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে এখন সমাজ যিদৰে ধ্বংস কৰিব পাৰে ঠিক একেদৰেই এখন সুখৰ সংসাৰো থান-বান কৰি দিব পাৰে। অন্ধবিশ্বাসৰ বলি হৈয়ে এহাল পিতৃ-মাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজৰে ৫বছৰীয়া সন্তানক। আচৰিত যেন লাগিলেও এয়াই সচাঁ। কলা যাদুক বিশ্বাস কৰা এহাল পিতৃ-মাতৃয়ে অতি নৃশংসতাৰে কৰিলে এই কাম।
এই নৃশংস ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত। সন্তানৰ গাত বেয়া শক্তিয়ে বাস কৰা বুলি কোৱাৰ পাছতে মৰিয়াই মৰিয়াই সেই বেয়া শক্তি দেহৰ পৰা উলিয়াই পঠাবলৈ অৱশেষত পিতৃ-মাতৃৰ প্ৰহাৰত প্ৰাণ গল ৫বছৰীয়া কন্যা সন্তানৰ। শনিবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰী পিতৃ-মাতৃক গ্ৰেপ্তা কৰিছে। সিদ্ধাৰ্থ চিমনে আৰু ৰঞ্জনা চিমনেৰ কন্যাৰ গাত বেয়া শক্তিয়ে লম্ভা বুলি এগৰাকী তান্ত্ৰিকে কোৱাৰ পাছতে তাৰ বিধান হিচাপে অতি নৃশংসভাৱে প্ৰহাৰ কৰিছিল কণমাণিটিক। তাৰ পিছতে প্ৰাণবায়ু উৰি যায় কণমাণিজনীৰ।
প্ৰাপ্ত খবৰ অনসুৰি সিদ্ধাৰ্থ চিমনে এটা সংবাদ পৰ্টেলৰ স্বত্তাধিকাৰী কোনো এক অনুষ্ঠানলৈ যোৱাৰ সময়তে সিদ্ধাৰ্থৰ কন্যাৰ দেহত বেয়া শক্তি সোমোৱা বুলি এগৰাকী তান্ত্ৰিকে কোৱাৰ পিছতে শনিবাৰে নিশা বিভিন্ন পন্থাৰে সেই বেয়া শক্তি উলিয়াবলৈ চেষ্টা কৰিছিল পৰিয়ালে। কণমাণিজনীৰ স্বাস্থ্য অৱস্থা বেয়ালৈ ঢাল খোৱাত হস্পাতালত ভৰ্তি কৰা হৈছিল যদিও চিকিতসকে তেওঁক মৃত ঘোষণা কৰে।
সংবাদ মাধ্যমত কৰ্মৰত হৈও এনে অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়া পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সকলো সদস্য এতিয়া ৰঙাঘৰৰ আলহী।