Current Trend Assam Entertainment Desk- অসমৰ অন্যতম জনপ্ৰিয় সংগীতশিল্পী সমূহৰ ভিতৰত প্ৰিয়ংকা ভৰালী অন্যতম। নিজৰ সূকীয়া শৈলীৰ কণ্ঠৰ বাবে প্ৰিয়ংকা সদায়েই সংগীত অনুৰাগীৰ প্ৰিয় হৈ আহিছে। অনুষ্ঠান পৰিবেশনৰ শৈলীৰ বাবেও প্ৰিয়ংকা ভৰালীৰ আছে বিশেষ সুনাম। মঞ্চ ভেদে অনুষ্ঠান পৰিবেশনৰ শৈলী প্ৰিয়ংকা ভৰালীৰ আন এক পৰিচয়। তদুুপৰি শ্ৰোতা দৰ্শকৰ মনোৰঞ্জনৰ চাহিদা গায়ন শৈলীৰে পূৰণ কৰিব পৰা কলাও হৈছে প্ৰিয়ংকাৰ আন এক বৈশিষ্ট্য। বিগত প্ৰায় এটা দশক ধৰি জনপ্ৰিয়তাৰ শীৰ্ষাসন প্ৰিয়ংকাই দখল কৰা বুলি ক’লেও ভুল নহ’ব। একেদৰে ৰূপৰ ক্ষেত্ৰতো প্ৰিয়ংকাই বহু অভিনেত্ৰীক দি থৈছে প্ৰত্যাহ্বান৷ চালে-চকু-ৰোৱা হাঁহি, সুগঢ়িত দৈহিক অৱয়ব কেৰেচীয়া কেশবিন্যাসেৰে প্ৰিয়ংকা যেন সুৰপুৰীৰ কোনোবা সুৰাঙ্গনা৷ অসমীয়া গীতৰ লগতে বলিউদ, বাঙালী, হিন্দীকে ধৰি অনেক গীতত প্ৰিয়ংকাই নিজৰ সুৰীয়া কণ্ঠৰ চাপ বহুৱাই থৈছে৷ পিছে আজি আপোনালোকক জনাম প্ৰিয়ংকা ভৰালীৰ এক গোপন প্ৰতিভা৷ যি প্ৰতিভা প্ৰিয়ংকাই কৈশোৰ অৱস্থাতেই আয়ত্ব কৰিছে৷ দৰাচলতে প্ৰিয়ংকাই ভাৰতৰ প্ৰায় আটাইকেইটা ভাষাৰ গীত গাব জানে৷ ২০০২ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল শান্তি আৰু মূল্যবোধৰ ওপৰত ইউনেস্কৰ তৰফৰ পৰা সাংস্কৃতিক শিবিৰ ও কৰ্মশালা৷ এই কৰ্মশালা ১৫ দিন অনুষ্ঠিত হৈছিল৷ সেই সময়ত কলাক্ষেত্ৰৰ সচিব আছিল প্ৰয়াত গৌতম শৰ্মা৷ অসমৰ প্ৰায় আটাইকেইখন জিলাৰ একোখনকৈ বিদ্যালয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছিল৷ নিজ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল কিশোৰী প্ৰিয়ংকাই৷ এই কৰ্মশালাতেই মাৰাঠী, তেলেগু, কন্নড়, ওৰিয়া, পাঞ্জাৱী, গুজৰাটী, বাঙালী আদিকে ধৰি দেশৰ প্ৰায় ভাষাৰেই গীতৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ সেই সময়ত ৰাজ্যৰ অভিজ্ঞ সংগীত প্ৰশিক্ষকৰ দ্বাৰা এই গীতসমূহ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীক শিকোৱা হৈছিল৷ এই কৰ্মশালাতেই কিশোৰী প্ৰিয়ংকাই দেশৰ প্ৰায়সংখ্যাক ভাষাৰ গীত আয়ত্ব কৰিছিল৷ পিছে এয়া প্ৰিয়ংকাৰ শিল্পীসূলভ ব্যক্তিত্ব বুলি ক’লেও ভুল নহব৷ আজিলৈ প্ৰিয়ংকাই কোনো সংগীত অনুষ্ঠানতেই এই বিষয়ে উল্লেখ কৰা নাই বা ইয়াক লৈ নিজকেই কেতিয়াও জহোৱাও নাই৷ বিভিন্ন সময়ত প্ৰিয়ংকা ভৰালী সমালোচনাৰ সম্মুখীনো হ’ব লগা হৈছে৷ কিন্তু সমালোচকসকলে হয়তো নাজানে প্ৰিয়ংকা ভৰালীৰ সাংগীতিক জীৱনৰ পৰিসৰৰ কথা৷