1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:16 am

ন্যায়িক জিম্মালৈ প্ৰেৰণ চুমি বৰা-তাৰ্কিক বৰাক

  • Update Time : Tuesday, September 17, 2024

কোটি-কোটি টকাৰ প্ৰৱঞ্চনাৰ খলনায়িকা চুমি বৰাক জে’ললৈ প্ৰেৰণ।
চুমি বৰাসহ তাৰ্কিক বৰা আৰু অম্লান বৰাকো জে’ললৈ প্ৰেৰণ কৰিলে আদালতে।
আজি আৰক্ষীৰ জিম্মাৰ অন্তত পৰাৰ পিছত ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছিল তিনিওকে।
ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত নিবিচৰাত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।
১২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল চুমি বৰা আৰু তাৰ্কিক বৰা। কোটি-কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক। ইতিমধ্যে জামিন লাভ কৰিলে চুমি বৰাৰ বৌয়েক জিংকী মিলিয়ে, অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ। জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাৰ লগতে ট্ৰেণ্ডিঙত নাম সাঙোৰ খাইছিল বৌয়েক জিংকী মিলিৰো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme