1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:09 am

নৃত্যৰে জগতসভা শুৱনি কৰা নৃত্যাচাৰ্য যতীন গোস্বামী দেৱৰ আজি ৯২সংখ্যক ওপজা দিন

  • Update Time : Friday, August 2, 2024

সত্ৰীয়া নৃত্য ক্ষেত্ৰৰ এক চিনাকী তথা সফল নাম যতীন গোস্বামী৷ আজি জীৱন্ত কিংবদন্তি পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামীৰ ৯সংখ্যক ওপজা দিন৷ ১৯৩৩ চনৰ ২ আগষ্ট তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত যতীন গোস্বামীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সত্ৰীয়া সংগীতৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী স্বৰ্গীয় ধৰণীধৰ দেৱগোস্বামী আৰু মাতৃ স্বৰ্গীয়া চন্দ্ৰপ্ৰভা দেৱী। সত্ৰীয়া পৰিৱেশত জন্মগ্ৰহণ কৰা গোস্বামীদেৱে সৰু থাকোঁতেই পিতৃৰ তত্ত্বাৱধানত সত্ৰীয়া নাচৰ চৰ্চা আৰম্ভ কৰিছিল। পিছলৈ তেখেতে কমলাবাৰী সত্ৰৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মণিৰাম দত্ত মুক্তিয়াৰ আৰু স্বৰ্গীয় ৰসেস্বৰ শইকীয়া বৰবায়নৰ তত্ত্বাৱধান্ত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। সত্ৰীয়াৰ উপৰিও তেখেতে জয়পুৰত গুৰু গণেশ হীৰালালৰ তত্ত্বাৱধানত কথক আৰু গুৰু অটম্বা সিংৰ তত্ত্বাৱধানত মণিপুৰী নৃত্যৰ শিক্ষাও লাভ কৰিছিল। তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ একান্ত অনুৰাগী আছিল। তেওঁ কুৰি বছৰ বয়সতেই ৰাভাদেৱৰ সংস্পৰ্শলৈ আহিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত গোস্বামীদেৱে সত্ৰীয়া নৃত্য আৰু নাটকৰ উপৰিও অসমীয়া লোকসংগীতৰ শিক্ষা গ্ৰহণ কৰে। সাত বছৰ বয়সৰ পৰা একান্ত মনে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লোৱা অসমীয়া এগৰাকী শিল্পী হৈছে যতীন গোস্বামী। দেউতাকৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰা এই গৰাকী শিল্পীয়ে আজীৱন সত্ৰীয়া নৃত্যৰ সৈতেই জড়িত হৈ পৰিছে। এই গৰাকী শিল্পীৰ নাম হৈছে যতীন গোস্বামী। নৃত্যৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা তথা ভক্তিৰ বাবে যতীন গোস্বামীয়ে নিজ ২০ বছৰ বয়সত ১৯৪৩ চনত দেৰগাঁৱত নৃত্য চৰ্চাৰ বাবে “আলোক সংঘ” নামে এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। কালক্ৰমত, যতীন গোস্বামী বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহে আৰু জ্ঞান আহৰণ কৰে নৃত্যৰ ব্যৱহাৰিক আৰু নান্দনিক দিশৰ। ২০০৪ চনত সংগীত নাটক একাডেমী, ২০০৮ চনত দেশৰ সৰ্বোস্ব অসামৰিক সন্মান পদ্মশ্ৰী সন্মানপ্ৰাপ্ত, সত্ৰীয়া নৃত্যৰ এইগৰাকী প্ৰসিদ্ধ শিল্পীয়ে আজি ৯২ বছৰত ভৰি দিয়ে। ওপজা দিনত কাৰেণ্ট ট্ৰেণ্ড অসমৰ তৰফৰ পৰা আজন্ম শিল্পীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme