1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 17, 2025, 2:02 am

নিৰ্ধাৰণ কৰা হ’ল ‘ড্ৰেছ কোড’, এইসমূহ পোছাকহে পৰিধান কৰিব যাব পাৰিব সিদ্ধি বিনায়ক মন্দিৰলৈ

  • Update Time : Wednesday, January 29, 2025

এতিয়াৰে পৰা আপুনি আপোনাৰ পছন্দৰ কোনো কাপোৰ পিন্ধি মুম্বাইৰ শ্ৰী সিদ্ধিবিনায়ক মন্দিৰলৈ যাব নোৱাৰিব। ইয়াৰ বাবে মন্দিৰ ট্ৰাষ্টে জাৰি কৰিছে ড্ৰেছ কোড। এই নিয়ম উলংঘা কৰাসকলক বিহা হ’ব শাস্তি।

অহা সপ্তাহৰ পৰা চুটি স্কাৰ্ট বা চুটি কাপোৰ পিন্ধা ভক্তসকলক মুম্বাইৰ বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। মন্দিৰ চৌহদত আধ্যাত্মিক পৰিৱেশ বজাই ৰাখিবলৈ মঙলবাৰে এই ঘোষণা কৰা হৈছে। ইয়াৰ বাবে শ্ৰী সিদ্ধিবিনায়ক গণপতি মন্দিৰ ট্ৰাষ্টে আনুষ্ঠানিক ড্ৰেছ কোড জাৰি কৰিছে। ট্ৰাষ্টে কয় যে ভক্তসকলে মন্দিৰলৈ যাবলৈ মান্য আৰু শৰীৰ ঢাকিব পৰা কাপোৰ পিন্ধিব লাগিব।

শ্ৰী সিদ্ধিবিনায়ক গণপতি মন্দিৰ ট্ৰাষ্টে কয় যে অহা সপ্তাহৰ পৰা চুটি বা অনুপযুক্ত কাপোৰ পৰিধান কৰা ভক্তসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। মুম্বাইৰ এই বিখ্যাত মন্দিৰটো প্ৰভাদেৱী অঞ্চলত নিৰ্মাণ কৰা হৈছে। ট্ৰাষ্টৰ মতে, এই সন্দৰ্ভত বহু অভিযোগ পোৱাৰ পিছত এই ‘ড্ৰেছ কোড’ৰ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত বহু ভক্তই অনুপযুক্ত কাপোৰ পিন্ধি মানুহ অহাত আপত্তি জনাই ট্ৰাষ্টলৈ চিঠি লিখিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme