1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 4:32 pm
Trending:
কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে?

নিশা ফুৰিবলৈ যোৱাৰ অভ্যাস আছে নেকি? সাৱধান হওঁক মৃত্যু ৰৈ থাকিব পাৰে…

  • Update Time : Friday, February 18, 2022

ডিজিটেল ডেস্কঃ নিশা বন্ধু অথৱা বান্ধৱীৰ সৈতে ফুৰিবলৈ যোৱাৰ অভ্যাস আছে নেকি? সাৱধান হওক৷ যোৱাৰ পথত আপোনাৰ ৰৈ থাকিব পাৰে মৃত্যু৷ বান্ধৱীৰে ফুৰিবলৈ গৈয়ে প্ৰাণ হেৰুৱালে এজন যুৱকে৷ নিশা ২বজাত বান্ধৱীৰে ফুৰি উভতাৰ পথতেই চুৰ বুলি সন্দেহতেই গণৰোষত পৰি প্ৰাণ হেৰুৱালে অভীক মুখ্যপাধ্যায় নামৰ যুৱকজনে৷ ৩৫ বছৰীয়া অভীকে তেওঁৰ বান্ধৱী প্ৰিয়ংকাৰ সৈতে পশ্চিমবংগৰ নেতাজী নগৰলৈ ফুৰিবলৈ গৈছিল৷ সেয়াই শেষ ফুৰা৷ নিশা ফুৰিবলৈ যোৱাৰ বাটতেই অঞ্চলটোৰ বৰইপুৰ থানাৰ ওচৰতে গাওঁবাসীয়ে যুৱক-যুৱতীহালক গণপ্ৰহাৰ কৰে৷ একাংশ গাঁওবাসীৰ গণপ্ৰহাৰৰ বলি হৈ সংকটজনক অৱস্থাত আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰে যদিও চিকিৎসকে অভিকক মৃত ঘোষণা কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি প্ৰিয়ংকা এগৰাকী বাৰ ডান্সাৰ৷ প্ৰিয়ংকাৰে অভিকৰ ভাল বন্ধুত্ব৷ নিশা বান্ধৱীক ফুৰাবলৈ নিয়াটোৱেই অভিকৰ জীৱনৰ শেষ সিদ্ধান্ত হৈ পৰিল৷ প্ৰিয়ংকাৰ অৱস্থাও সংকটজনক বুলি প্ৰকাশ কৰিছে চিকিৎসকে৷ তাৰ মাজতেই ঘটনা সম্পৰ্কে আৰক্ষীয়ে জনোৱা অনুসৰি বিশেষ গাঁওখনৰ প্ৰায়সংখ্যক লোককেই ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেৰা আৰম্ভ কৰিছে৷ ইফালে অভিকৰ পৰিয়ালে দাবী কৰা অনুসৰি এইয়া পৰিকল্পিত হত্যাকাণ্ড৷ গাওঁবাসীয়ে জেৰাত প্ৰকাশ কৰা অনুসৰি প্ৰিয়ংকাই নিশা গাওঁৰ কোনো এঘৰ লোকৰ গৃহত প্ৰৱেশ কৰিছিল যাৰ বাবেই এই গণপ্ৰহাৰ৷ সত্য কোন? আৰক্ষীয়ে বৰ্তমানো এই সম্পৰ্কে কোনো তথ্য উলিয়াব পৰা নাই৷ শেহতীয়াভাৱে বিষয়টোক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰো ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme