1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:12 am

নিদাৰুণ, জীৱন্তে অগ্নিদগ্ধ ৪০ গৰাকী ভাৰতীয় শ্ৰমিক, থাকিল কেৱল অস্থিপুঞ্জ, সৱিশেষ লিংকত

  • Update Time : Wednesday, June 12, 2024

কুৱেইটত জীৱন্তে অগ্নিদগ্ধ ৪০জনকৈ ভাৰতীয় শ্ৰমিক। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কুৱেইটৰ মাংগাফত। খবৰ অনুসৰি, কুৱেটৰ দক্ষিণ প্ৰান্তত অৱস্থিত মাংগাফ নামৰ অঞ্চলত অৱস্থিত এটা অট্টালিকাত এই ঘটনা সংঘটিত হয়৷ অট্টালিকাটো শ্ৰমিকসকলৰ আবাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ মিডিয়া ৰিপৰ্ট অনুসৰি, অট্টালিকাটোত বাস কৰিছিল অধিকাংশ ভাৰতীয় শ্ৰমিকে৷ এই ভয়ংকৰ অগ্নিকাণ্ডত ৪০ গৰাকী ভাৰতীয় শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আকোৱালি লোৱাৰ লগতে অৰ্ধশতাধিক শ্ৰমিকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ঘটনাক কেন্দ্ৰ কৰি ভাৰত চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰি ঘটনাৰ চৰজমিন তদন্তৰ দাবী তোলে৷ ভাৰত চৰকাৰৰ তৎপৰতাৰ লগে লগে ঘটনাস্থলী পৰিদৰ্শন কৰে কুৱেইট প্ৰশাসনে৷ খবৰ অনুসৰি, অট্টালিকাটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে৷ ‘কোম্পানী, অট্টালিকাৰ স্বত্বাধিকাৰীৰ পৰিণতিতেই এই কৰুণ ঘটনা সংঘটিত হোৱাৰ তথ্য প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰা হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme