কাকো একো নোকোৱাকৈ অতি শান্ত আৰু অমায়িক স্বভাৱৰ অধিকাৰী ভাৰতৰ অমূল্য ৰতন খ্যাত ৰতন টাটা আৰু আমাৰ মাজত নাই। কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল
ৰতন স্বাস্থ্যৰ অৱনতিৰ কথা, যিটো খবৰে চিন্তিত কৰি তুলিছিল। ICUত ৰতন টাটা চিকিত্সাধীন হৈ থকা খবৰ প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক লগতে অসমৰো সংবাদ মাধ্যমতো। অতি কম সময়ৰ ভিতৰতে এই খবৰটোৱে ব্যাপক ৰূপত প্ৰসাৰ লাভ কৰিছিল। উত্কণ্ঠিত হৈ থকা দেশৰ সাধাৰণ জনতাক উদ্দেশ্যি আহিল এটা বিশেষ প’ষ্ট, যিটো প’ষ্টে স্বস্তিৰ নিশ্বাস পেলালে দেশবাসীক। প’ষ্টো আহিল ৰতন টাটাৰ তৰফৰ পৰা, প’ষ্টটো স্পষ্টভাৱে তেওঁ উল্লেখ কৰিছে যে-
” মই অৱগত হৈছো শেহতীয়াকৈ মোৰ স্বাস্থ্যক লৈ প্ৰকাশ হোৱা খবৰটোৰ সন্দৰ্ভত, মোক লৈ ইমান চিন্তা কৰা সকলো দেশবাসীকে মই ধন্যবাদ জনাইছো। মই সম্পূৰ্ণ সুস্থ হৈ আছো, বৰ্তমান চিকিত্সকলে মোৰ স্বাস্থ্যৰ বুজ লৈ আছে। চিন্তাৰ বিশেষ একো কাৰণ নাই। সংবাদ মাধ্যমত হৈ থকা মোৰ স্বাস্থ্য সন্দৰ্ভত প্ৰকাশিত উৰাবাতৰি প্ৰসাৰিত নকৰিবলৈ সকলোকে আহ্বান জনাইছো। সাধাৰণ জনতাৰ আৱেগ-অনুভূতিক কেতিয়াও আঘাত নকৰিব, মই সুস্থ আছো।”
এয়াই আছিল ৰতন টাটাৰ সামাজিক মাধ্যমত প্ৰকাশ পোৱা শেষৰটো প’ষ্ট, সোমবাৰে প্ৰকাশ পাইছিল এই বিশেষ প’ষ্টটো আৰু তাৰ ঠিক দুদিন পাছত অৰ্থাত্ বুধবাৰে নিশাৰ ভাগত সকলোকে কন্দুৱাই অজান মুলুকলৈ গমন কৰিলে প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই।