1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:51 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

নিজৰ মনটোক চিন্তা, বিভিন্ন সমস্যাৰ পৰা মুক্ত ৰাখিবলৈ কি কৰিব পাৰি জানো আহক!

  • Update Time : Thursday, March 7, 2024

মানৱ শৰীৰৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বিঘিনি ঘটাৰ ভালেমান কাৰণ থাকিব পাৰে৷ তাৰে ভিতৰত দুটা অন্যতম হল- চিন্তা আৰু অধিক পৰিশ্ৰম৷ প্ৰায় সকলোৰে জীৱনত চিন্তা থাকেই কিন্তু দেখা যায় যে কিছুমান লোকৰ জীৱনত অতিমাত্ৰা চিন্তা আছে বা তেওঁলোকে অতিমাত্ৰা চিন্তা কৰে৷ বৰ্তমান সময়ত এনেকুৱা বহুতৰ ক্ষেত্ৰত হোৱা দেখা যায় যে অত্যাধিক চিন্তা, অপৰিসীম দায়িত্ব, পৰিশ্ৰম মানুহৰ লগৰী৷ এই চিন্তা, পৰিশ্ৰমৰ বাবেই নজনাকৈয়ে যেন নিজৰ জীৱনটো বোজা হৈ পৰে৷ কিছুমান এনে মহিলা বা পুৰুষো আছে যিবোৰে সামান্য সমস্যা এটাকো মূৰ পাতি লৈ অশান্তিত ভুগি থাকে৷ সামান্য সমস্যা এটাৰো মুখামুখী হোৱাৰ সাহস যেন নাই, এনেবোৰ মানুহৰ জীৱনত সুখতকৈ বেছি দুখহে হয়৷ বহুত মানুহ এনেকুৱাও আছে যিবোৰে সমস্যাৰ মুখামুখী হব নোৱাৰি আত্মহত্যাৰ পথো বাছি লয়৷ গতিকে এই চিন্তা, পৰিশ্ৰম, সমস্যা সমূহৰ পৰা আতৰিঁ থাকি মুক্তভাৱে উশাহ লব খোজে সেইসকললৈ কেইটামান পদক্ষেপ আগবঢ়োৱা হল-

১. যদি অনুভৱ কৰে যে আপোনালোকৰ জীৱনত কোনো চিন্তাৰ সৃষ্টি হৈছে নাইবা সমস্যাৰ সৃষ্টি হৈছে৷ তেনেস্থলত সেই চিন্তাৰ পৰা মনটোক আতঁৰাই অনাই আন কথালৈ সলনি কৰাৰ চেষ্টা কৰিব লাগে৷ কোনো ভাললগা বন্ধুৰ সতে কিছুসময় আলাপ কৰি মনটো পাতলাই তুলিব পাৰে৷
২. অফিচত কাম কৰা সকলে চিন্তাৰ পৰা তৎক্ষণাত নিজক মুক্ত কৰিবলৈ হলে বহি থকা ঠাইৰ পৰা অলপ উঠি আন এটা কামত ব্যস্ত পৰিব লাগে৷ আৰু যদিহে ঘৰত থাকে তেন্তে নিজৰ পছন্দৰ কাম উলিয়াই কৰিব লাগে৷ কি কথাত গুৰুত্ব দিব লাগে, কি কথাত নালাগে সেইটো মনৰ মাজত নিজেই নিৰ্ধাৰণ কৰি লওঁক, তাতেই অযথা চিন্তাৰ পৰা মুক্তি পোৱাৰ পথ বিচাৰি পাব৷
৩. কোনো মুকলি ঠাইত খোজ কাঢ়ি মনটো মুকলি কৰিবলৈ চেষ্টা কৰিব লাগে৷ ঘৰৰ ভিতৰত থাকিলে খোলা খিৰিকীৰ মুখত থিয় দি দীঘলকৈ উশাহ লৈ এৰি দিয়ক৷ তৎক্ষণাত চিন্তাৰ পৰা মুক্তি পাবলৈ এই প্ৰাণায়াম উপকাৰী৷
৪. যিটো কথাই আমনি কৰি আছে সেই কথাটো কিমান গুৰুত্বপূৰ্ণ, তাত অধিক মনোযোগ দিয়াটো উচিতনে, সেই কথা জুকিয়াই লোৱাটো উচিত৷ আৰু যদিহে গুৰুত্ব দিবলগীয়া নহয় তেন্তে সেই বিষয়টো লৈ মূৰ ঘমাই লাভ নাই৷ জীৱনত এনে সৰু বৰ সমস্যা আহেই বুলি ভাবি
সাহসেৰে জীৱনত আগুৱাই যাব লাগিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme