ৰূপহীহাটত উত্তপ্ত পৰিস্থিতিৰ সাংসদ ৰকিবুল হুছেইনক বাধা প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। সাংসদ গৰাকীয়ে নতুন চামগুৰি সমষ্টিৰ গুণাবাৰীত এক কংগ্ৰেছৰ কৰ্মী সভালৈ যোৱা পথত ৰূপহীত কলা পতাকা প্ৰদৰ্শন কৰিছিল একাংশই। মুখত কলা কাপোৰ বান্ধি গ’ বেক ধ্বনি আৰু কলা পতাকা প্ৰদৰ্শন কৰিছিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক৷ ক্ৰমাৎ পৰিস্থিতি জটিল হৈ পৰাত
পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সাংসদগৰাকীৰ দেহৰক্ষীয়ে ওপৰলৈ দুই যায় গুলি ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷ ইয়াৰ পিছতেই অচিনাক্ত দুৰ্বৃত্তই সাংসদ ৰকিবুল হুছেইনৰ দেহৰক্ষীকো আক্ৰমণ কৰে৷ এখন স্কুটীৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে সাংসদ ৰকিবুল হুছেইনে৷ ৰূপহীহাটৰ নতুন বজাৰত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি, অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে৷ উল্লেখ্য যে বিগত এটা বছৰে ৰূপহীহাট আৰু চামগুৰিৰ বিভিন্ন প্ৰান্তত গণ ৰোষৰ বলি হ’ব লগা হৈছে সাংসদ ৰকিবুল হুছেইন৷ উল্লেখ্য যে চামগুৰিৰ পূৰ্বৰ বিধায়ক আছিল ৰকিবুল হুছেইন৷ ২০০১ চনৰ পৰা ৰকিবুল হুচেইনে চামগুৰি সমষ্টিত শাসন কৰি আহিছিল যদিও ককাক আৰু পিতৃৰ এই বিজয় ধাৰা চামগুৰি সমষ্টিত হৈ যোৱা উপ-নিৰ্বাচনত অব্যাহত ৰাখিব নোৱাৰিলে পুত্ৰ তাঞ্জিল হুচেইনে। বিগত বৰ্ষত চামগুৰিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত চামগুৰিত প্ৰায় ২৬,০০০ ভোটত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই। চামগুৰিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাতো ভিন্ন প্ৰান্তত গণ ৰোষৰ সন্মুখীন হ’ব লগা হৈছিল ধুবুৰী সমষ্টিৰ সাংসদ তথা চামগুৰিৰ পূৰ্বৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন৷ সুদীৰ্ঘ কাল সমষ্টিবাসীক প্ৰতাৰণা, প্ৰৱঞ্চনা কৰা বাবেই সাংসদ ৰকিবুল হুছেইন বাৰে বাৰে ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হৈছিল বুলি ৰাজনৈতিক পৰিমণ্ডলত সেই সময়ত চৰ্চা চলিছিল৷ বৃহস্পতিবাৰে ৰূপহীহাটৰ নতুন বজাৰত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ ঘটনাও হুছেইন পৰিয়ালে চামগুৰিবাসীৰ সৈতে কৰি অহা দীৰ্ঘদিনীয়া প্ৰতাৰণা আৰু বিশ্বাসঘাটকতাৰ প্ৰতিফলন বুলিও বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক পৰিমণ্ডলত চলিছে চৰ্চা৷ ঘটনাৰ পিচতেই নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ৷ কিন্তু ইয়াৰ মাজতেই ৰকিবুল হুছেইনে চিনেমা চিনেমা লগা কায়দাৰে হেলমেট পৰিধান কৰি স্কুটিৰে পলায়ন কৰা ঘটনায়ো সন্দেহৰ সৃষ্টি কৰিছে৷ কাৰণ এনেধৰণৰ কৌশলী পলায়ন কেৱল চিনেমাত হে দেখিবলৈ পোৱা যায়, হঠাতেই স্কুটি, হঠাতেই হেলমেট৷