1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:40 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

নিগনিলৈ কিয় ভয় পুটিনৰ, নিগনিৰ ভয়ত লুকাই থাকে ভ্লাদিমিৰ পুটিন…

  • Update Time : Thursday, March 17, 2022

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ বিশ্বৰ ৰাজনীতি আৰু কূটনীতিয়ে যাক চাৰিওফালৰ পাৰ আৱৰি ৰাখিছে। তেওঁৰ প্ৰতিটো কাময়েই বিশ্বৰ সকলো দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ দৃষ্টিগোচৰ। যাৰ শক্তি সমগ্ৰ বিশ্বতে প্ৰচলিত। আপুনি জানি আচৰিত হ’ব কোনো এখন দেশকে ভয় নকৰা ৰাষ্ট্ৰপতি গৰাকীয়ে ভয় কৰে এটা সৰু নিগনিক। সেই ব্যক্তিগৰাকীয়েই হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন৷ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ কৰা অনুসৰি, পুটিনৰ শৈশৱ কাল অতি দৰিদ্ৰতাত অতিবাহিত হৈছে। পুটিনৰ দেউতাক ভ্লাদিমিৰ স্পিৰিডোনোভিচ পুটিন আৰু মাতৃ মাৰিয়া শ্বেলোমোভাৰ প্ৰথম দুটা সন্তানৰ মৃত্যু হয় আৰু যাৰবাবেই তেওঁলোকে পুটিনক যথেষ্ট মৰমেৰে ডাঙৰ-দীঘল কৰে। পুটিনৰ লগতেই পুটিনৰ পৰিয়াল এটি সৰু ঘৰত জীৱন অতিবাহিত কৰে। তেওঁলোকৰ বাহিৰেও, অসংখ্য নিগনিৰ বাসস্থান আছিল পুটিনৰ বাসগৃহ। কাৰণ তেওলোকৰ পৰিয়ালে সৰু- ডাঙৰ নিগনি পালন কৰিছিল৷

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ জীৱনীত এটা ঘটনা উল্লেখ কৰি কয়, এদিন প্ৰকাণ্ড নিগনি এটা ঘৰত প্ৰৱেশ কৰে। পুটিন তেতিয়া চেইন্ট পিটাৰ্ছবাৰ্গৰ বাসিন্দা। ঘটনাৰ সবিশেষ পুটিনে এনেদৰে বৰ্ণনা দিয়ে, “মই ইয়াক খেদি পঠিয়াবলৈ কোঠাটোৰ এটা কোণলৈ নিগনিটোক লৈ গৈছিলো। হঠাতে, নিগনিটোৱে মোৰ দেহৰ ওপৰত জঁপিয়াই পৰে। আৰু তেতিয়াই মই পৰিলক্ষিত কৰো যে মই নিগনিটোৰ পিছে পিছে দৌৰি থকা নাই, আচলতে নিগনিটোৱেহে মোৰ পিছে পিছে দৌৰি আছে। মই নিগনিটোক বহুত ভয় খাইছিলো।” বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই অত্যন্ত দুষ্ট আছিল ভ্লাদিমিৰ পুটিন। জিম প্ৰশিক্ষকৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাৰ্থীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল এতিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে৷ হাইস্কুল শিক্ষা সমাপ্ত কৰাৰ পিছতে আইন শিক্ষা অধ্যয়ন কৰে ভ্লাদিমিৰ পুটিনে। আৰু পঢ়ি থকা সময়তে কেজিবি চাকৰিত নিযুক্তি লাভ কৰে। পুটিনে ১৯৯০ চনত ৰাজনীতিত প্ৰৱেশ কৰে তাৰ পিছতেই তেওঁৰ শক্তি ক্ৰমান্বয়ে বাঢ়ি আহে। ১৯৯৯ চনত তেওঁ ৰাছিয়ান ফেডাৰেচনৰ চৰকাৰৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হয়। এবছৰৰ পিছত, এই গৰাকী পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme