ডিজিটেল ডেস্কঃ এই বৰ্ষৰে জানুৱাৰী মাহত পিতৃ-মাতৃ হৈছে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ। চেৰগেট পদ্ধতিৰে কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল নিক-প্ৰিয়ংকা। কন্যা সন্তানটো পৃথিৱীলৈ অহাৰ পিছতেই জল্পনা-কল্পনা সকলোৰে। কি নাম দিয়া হ’ব প্ৰিয়ংকা-নিকৰ কন্যাৰ! ভাৰতীয় নাম হ’বনে আমেৰিকান নাম ৰখা হ’ব তেওঁলোকৰ সন্তানটোৰ। মুম্বাইৰ এক অনুষ্ঠানত ভাগ লোৱাৰ সময়ত নিক-প্ৰিয়ংকাৰ কন্যাৰ নামৰ প্ৰসংগত সংবাদ মাধ্যমৰ লোকসকলে প্ৰশ্ন উত্থাপন কৰে। প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকাৰ মাকে কয়, ‘বৰ্তমানো আমি কোনো নামকৰণ কৰা নাই। এই কেইটা দিনৰ ভিতৰতে পণ্ডিতে নামকৰণ কৰিব। নামকৰণ হ’লেই আমি মুকলিকৈ সকলো ঘোষণা কৰিম।’
প্ৰিয়ংকাই ২০২১ বৰ্ষৰ মাজভাগৰ পৰাই দি আহিছিল পিতৃ-মাতৃ হোৱাৰ ইংগিত। শেষৰভাগলৈ প্ৰিয়ংকাই ঘোষণাও কৰিছিল যে ২০২২ বৰ্ষৰ এপ্ৰিল মাহত দুয়ো পিতৃ-মাতৃ হ’ব। কিন্তু চেৰগেট পদ্ধতিৰ জৰিয়তে যিহেতু পৰিয়াল হ’বলৈ আগবাঢ়িছিল দুয়ো সেয়ে হঠাতেই চেৰগেট মাদাৰগৰাকীৰ স্বাস্থ্যৰ অবনতি ঘটে। যাৰ বাবে এপ্ৰিলৰ পূৰ্বেই জানুৱাৰীতেই দুয়োৰো মাজলৈ এগৰাকী কন্যা সন্তান আহিল। বৰ্তমান প্ৰিয়ংকা এগৰাকী গ্লৱেল ষ্টাৰ। ২০২১ত প্ৰিয়ংকাই হলিউড চিৰিজ,’দ্যা ম্যাট্ৰিক্স ৰিচাৰেকচন’ত অভিনয় কৰিছে। ইয়াৰোপৰি বিশ্ববিখ্যাত হলীউড ছবি এভেঞ্জাৰছত মুখ্য চৰিত্ৰ ৰূপায়ন কৰা এন্থনি ম্যাকিৰ সৈতে এণ্ডিং থিংচত প্ৰিয়ংকাই তেওঁৰ সহ অভিনেত্ৰী হিচাপে কাম কৰিব।