আজিকালি নেমুৰ ৰস মিহলাই নাৰিকলৰ পানী খোৱাটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, বিশেষকৈ ৰাতিপুৱা। কিন্তু এই ট্ৰেণ্ডি ড্ৰিংকটো সঁচাকৈয়ে কোৱাৰ দৰে উপকাৰী নেকি?
নাৰিকল পানী আৰু নেমুৰ ৰসৰ মিশ্ৰণেৰে দিনটো আৰম্ভ কৰিলে ই আপোনাৰ শৰীৰত কি প্ৰভাৱ পেলায় জানো আহক
১) হাইড্ৰেচন আৰু ইলেক্ট্ৰলাইট
নাৰিকল পানীত প্ৰাকৃতিক ইলেক্ট্ৰলাইট বিশেষকৈ পটাছিয়ামৰ উত্তম উৎস। ৰাতি টোপনিৰ সময়ত শৰীৰৰ পৰা হেৰুৱা তৰল পদাৰ্থ পুনৰ ভৰাই তোলাত সহায় কৰে। ইয়াৰ উপৰিও নাৰিকল পানী আৰু নেমুৰ ৰস দুয়োটাতে সামান্য পৰিমাণৰ ইলেক্ট্ৰ’লাইট থাকে, যিটো খেলুৱৈ বা বহুত ঘাম ওলোৱা লোকৰ বাবে সম্ভাৱনাময়ভাৱে উপকাৰী হ’ব পাৰে।
২) ইমিউনিটি বুষ্টাৰ
ভিটামিন চিৰে সমৃদ্ধ নেমুৰ ৰসত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে নাৰিকল পানীৰ সম্ভাৱ্য এন্টিভাইৰেল, এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণৰ সৈতে মিলি ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব পাৰে।
৩) ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে
নাৰিকল পানীয়ে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাত আৰু দীৰ্ঘম্যাদী হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও নাৰিকল পানীয়ে ইনচুলিন প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰি ডায়েবেটিছ ৰোগীক সহায় কৰিব পাৰে।
৪) বৃক্কৰ পাথৰ প্ৰতিৰোধ –
কিছুমান ৰোগীৰ নাৰিকল পানী আৰু নেমুৰ ৰসৰ মিশ্ৰণেও বৃক্কত পাথৰ সৃষ্টি হোৱাত বাধা দিব পাৰে।
৫) স্বাস্থ্যকৰ ছালঃ
নেমুৰ ৰস মিহলাই নাৰিকলৰ পানী খালে ছালৰ স্বাস্থ্য ভাল হয়।