ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি অঞ্চলৰ এগৰাকী নাবালিকা নিৰ্যাতন-অপকৰ্মৰ আপত্তিজনক ফটো আমিৰ হানজা নামৰ এজন যুবকে ছছিয়েল মিডিয়াত ভাইৰেল কৰাক ঘটনাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনে ৷ উক্ত ঘটনাৰ প্ৰতিবাদতে তথা দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত আজি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷
ছালাকাটি কালী মন্দিৰ প্ৰাংগণত বড়ো সমাজৰ উদ্যোগত দহ টাকৈ দল সংগঠনে উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে, ছালাকাটি আঞ্চলিক বড়ো সমাজৰ উদ্যোগত আয়োজিত প্ৰতিবাদী ধৰ্ণাৰে যোগেদি উক্ত অপকৰ্মৰে জড়িত আমিৰ হামজাক ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰ ফাঁচি দিয়াৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ ধৰ্ণাত এবছু ,আক্ৰাছু, আছু, বেংগলী যুৱ ছাত্ৰ ফেডাৰেছন, হিন্দী ভাষী বিকাশ পৰিষদ, আমছু, এবিএমছু আৰু আৰ এম চি সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত দল সংগঠন কেইটাই এক স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু দেশৰ প্ৰধান মন্ত্ৰী লৈ প্ৰেৰণ কৰে৷
উল্লেখ্য যে, ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত উক্ত ঘটনা সন্দৰ্ভত ছালাকাটি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা হৈছিল যদিও অভিযুক্ত পলাতক হৈ আছিল৷ অৱশেষত দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ আৰু হেঁচাত পৰি অৱশেষত ১৭ দিনৰ মূৰত কালি অৰ্থাৎ ৰবিবাৰে নিশা পলাতক আমিৰ হামজাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷