ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ উল্টাপানী এলেকাত কোকৰাঝাৰ আৰক্ষীয়ে পুৱতি নিশা অভিযান চলাই বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সীমান্তবৰ্তী এলেকাৰটোৰ ঘন জংঘলত দুটা পৃথক পৃথক অভিযান চলায় আৰক্ষীয়ে। এটা অভিযানৰ নেৰ্তৃত্ব দিয়ে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে আৰু আনটো অভিযানৰ নেৰ্তৃত্ব দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে।
উক্ত দুয়োটা অভিযানৰ ফলস্বৰূপে আৰক্ষীয়ে মাটিত পুতি থোৱা অৱস্থাৰ পৰা ৪টা একে ৪৭ ৰাইফল , এম ১৬ ৰাইফল এটা, টেলিস্কোপিক স্নিফাৰ ৰাইফল এটা, চীনত নিৰ্মিত বেয়নেটৰ সতে চেৰ্লী ৰাইফল এটা , মেগজিন ৪টা আৰু ১৬০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি আয়োজিত হোৱা এক সংবাদমেল সম্বোধন কৰি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইৱে বৃহৎ অস্ত্ৰভাণ্ডাৰ জব্দ কৰাৰ কথা সদৰি কৰিছে। সংবাদমেলত ড° এল আৰ বিষ্ণইৱে কয় যে এনডিএফবি (এচ) মুলসূঁতিলৈ ঘূৰি অহাৰ পিছত এনডিএফবি(এচ)ৰ পৰা ফালৰি কাটি জন্ম হৈছিল এনএলএফবি।
পিছত এনএলএফবিও আত্মসমৰ্পন কৰাত আকৌ ইউএলবি নামৰ নতুন সংগঠন এটাৰ জন্ম হয় আৰু যোৱা আগষ্টত ভিডিঅ’ মুকলি কৰি সঁকিয়নি দিছিল। ইয়াৰ পিছতেই আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে চেপ্টেম্বৰত তীব্ৰ অভিযান চলোৱাত সগঠনটোৰ দুগৰাকী কেডাৰ নিহত হৈছিল আৰু ১১ জনকৈ কেডাৰ আত্মসমৰ্পন কৰিছিল। ইয়াৰ পিছত পুণৰাই যোৱা মাৰ্চ মাহত কোকৰাঝাৰ আৰু ওদালগুৰীৰ এনএলএফবি কেম্পৰ পৰা পলাই যোৱা ১২ -১৩ গৰাকী কেডাৰ লগ হৈ নতুন সংগঠনৰ জন্ম দিব বিচাৰিছিল। তেওঁলোক প্ৰথম অৰুণাচলৰ ঘন জংঘলত আশ্ৰয় লৈছিল। শেহতীয়াভাৱে উক্ত দলটোৰ এগৰাকী সদস্য কোকৰাঝাৰত আৰু আন দুগৰাকী সদস্য চিৰাংত আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল আৰু দুগৰাকী সদস্য ওদালগুৰীত আহত হৈছিল। বাকী ৮ জন সদস্য অলপতে আত্মসমৰ্পন কৰে। আৰক্ষীয়ে লাভ কৰা এক বিশেষ সূত্ৰ অনুসৰি আজি পুৱতি নিশা উক্ত অস্ত্ৰ শস্ত্ৰসমুহ উদ্ধাৰ কৰে।
বড়োলেণ্ডত এতিয়া সকলোৱে শান্তি বিচাৰে আৰু অনৈতিক কাৰ্যকলাপে সকলোকে আমুৱাইছে বুলি তাপপৰ্যপুৰ্ণ মন্তব্য কৰে ড° এল আৰ বিষ্ণইৱে। মুখ্যমন্ত্ৰীৰ পদক্ষেপত বৰ্তমান বড়োলেণ্ড অঞ্চল লৈ শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰি ড° এল আৰ বিষ্ণইৱে অনৈতিক কাৰ্যকলাপৰ পৰা আতৰত থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। সন্ত্ৰাসবাদ নিৰ্মুল কৰিবলৈ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে ড° এল আৰ বিষ্ণইৱে।