নজৰ…এই ধৰক কিবা এটা কাম কৰাৰ সময়তে আমাৰ চাৰিওফালৰ পৰা বাধা আহি পৰে। কিন্তু আচৰিত হওঁ তেতিয়া যেতিয়া সকলো কাম সুকলমে কৰি অন্তিম সময়ত উপস্থিত হওঁ তেতিয়াই
কাৰোবাৰ নহয় কাৰোবাৰ নজৰ লাগি কামটো সফল নহয়। কিয় এনে হয়? আচলতে নজৰ লাগে কেনেকৈ? জানেনে এই যে আমি যিকোনো কাম কৰাৰ পূৰ্বে কাৰোবাৰ সৈতে আলোচনা কৰোঁ।
তাৰে মাজত এনে কিছু লোক থাকে যি নিবিচাৰে আপোনাৰ কামটো সফলভাৱে হোৱাটো। তেওঁলোকে যদিও মুখেৰে আপোনাৰ সম্মুখত ভাল হয় দেখাই, বা ভালপোৱাৰ দৰে দেখাই মনৰ পৰা কিন্তু
কেতিয়াও বাল নাপায়, পৰাপক্ষভত তেওঁলোকে চেষ্টা কৰে য়ে কেনেকৈ তেওঁলোকে সেই কামত বাধা দিব পাৰে। কেৱল কামৰ ক্ষেত্ৰতেই নহয়, আপোনাৰ আৰু কাৰোবাৰ সম্পৰ্কৰ ক্ষেত্ৰতো লাগিব পাৰে নজৰ।
মনত ৰাখিব নজৰ কেৱল আনৰে নালাগে, নিজৰেই নজৰ লাগিব পাৰে নিজৰ ক্ষেত্ৰতেই গতিকে প্ৰতিটো কাম কৰোঁতে, প্ৰতিটো কথা কওঁতে সেই কথা মনত ৰাকিব লাগে। নিজৰ কামটোৰ প্ৰতি আপুনি
বহুত বেছি আনন্দিত হৈ থাকিলে, বহুত বেছি কল্পনাত বিভোৰ হৈ থাকিলেও নজৰ লাগিব পাৰে। মনত ৰাখিব সদায় য়ে, নজৰ is real…