প্ৰায় সকলোৰে প্ৰিয় বলীউড অভিনেত্ৰী KIARA ADVANIৰ সৌন্দৰ্যতাৰ বাবে সকলো একপ্ৰকাৰৰ আচৰিত হৈ পৰে। কেনেকৈ ইমান ধুনীয়া হ’ব পাৰে কোনোবা। পিছে KIARA ADVANIKৰ ধুনীয়া চেহেৰাৰ ৰহস্য কি সেয়া জানিবলৈ বিশেষকৈ ছোৱালীবোৰৰ নিশ্চয় মন যায় নহয়নে?
অভিনেত্ৰী গৰাকীয়ে বিভিন্ন সময়ত মেকআপত থাকিব লগা হোৱা বাবে নিজৰ ছালৰ যত্ন লয় কিছু ঘৰুৱা উপায়েৰে। আহকচোন জানি লওঁক কিদৰে কিয়াৰাই লয় নিজৰ ছালৰ যত্ন।
মৌ, গ্ৰাম আটা, টেঙা দৈ আৰু নেমুৰ ৰস একেলগে মিহলাই ছালত লগাই আধা ঘণ্টা অপেক্ষা কৰি তাৰ পিছত ধুই পেলাওক। এই পেকে স্ক্ৰাবাৰ হিচাপেও কাম কৰে। ছালৰ মৃত কোষবোৰ আঁতৰাই পেলায়। ভিতৰৰ পৰা ছালখন টান কৰিবলৈও উপযোগী।
কিয়াৰাৰ দৰে ছাল পাবলৈ এই পেকটো ব্যৱহাৰ কৰিব পাৰে।