সুন্দৰ চেহেৰাৰে কি কৰিব?
যদিহে আপোনাৰ মনটোৱে ভাল নহয় সুন্দৰ চেহেৰাৰে কি কৰিব। এই ধৰক ধুনীয়া চেহেৰাৰ এজনী ছোৱালী বা ধুনীয়া লৰা। কিন্তু তেওঁ যদি কেতিয়াওঁ কাৰো ভাল বিচৰা নাই
বা
সকলোৰে লগত বেয়াই কৰে ,কাকো সহায় নকৰে তেন্তে তেওঁৰ সেই ধুনীয়া চেহেৰাটোৰ কি লাভ আছে। কিন্তু ছোৱালী এজনী বা লৰা এটা ধুনীয়া নহলেও
আনক সহায় কৰিব পৰা গুণটো যদি থাকে, আনৰ দুখত দুখী হ’ব পৰা গুণ যদি থাকে তেন্তে সেয়াই যথেষ্ট। আচলতে সুন্দৰ চেহেৰাই মানুহক নুখুৱাই কথা এষাৰ আছে নহয়,
যে ৰূপে নহয় গুণেহে সংসাৰ তৰে। গতিকে চেহেৰা নহয় মন ধুনীয়া ব্যক্তিক আপোন কৰি লওঁক। মনত ৰাখিব সুন্দৰ চেহেৰা বহুত পাব কিন্তু সুন্দৰ মন পাবলৈ বৰ টান।
সুন্দৰ চেহেৰা এদিন নাইকিয়া হৈ পৰিব কিন্তু সুন্দৰ মন সদায় থাকিব। সুন্দৰ চেহেৰাৰ আঁৰত কি লুকাই আছে আপুনি হয়তো নুবুজিব কিন্তু সুন্দৰ মনৰ ব্যক্তি যদি জীৱনত পায় তেন্তে
আপোনাতকৈ সুখা হয়তো কোনো নহ’ব।