1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:27 am

ধমধমাত যিকোনো মুহূৰ্ততেই ছিঙিব পাৰে পাগলাদিয়াৰ মথাউৰি…

  • Update Time : Wednesday, June 15, 2022

ডিজিটেল ডেস্কঃ ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ অন্তৰ্গত জাৰতালুকত পাগলাদিয়া নদীৰ মথাউৰিলৈ প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে৷ জলসম্পদ বিভাগৰ ৫ কোটি টকাৰে নিৰ্মাণ কৰা মথাউৰিটো বিভাগটোৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ হেমাহিতে মথাউৰিটো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে বুলি অভিযোগ স্থানীয় বাসিন্দাৰ৷

খৰালি নিদ্ৰামগ্ন হৈ থকা বিভাগটোৱে নৱনিৰ্মিত মথাউৰিটোৰ সুৰক্ষাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত নৈখনৰ খহনীয়াই সম্প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে। বৰ্তমান জলসম্পদ বিভাগে মথাউৰিটো ৰোধৰ বাবে জিঅʼ বেগ আৰু পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছে যদিও খহনীয়াৰ পৰা মথাউৰিটো ৰোধ কৰাটো অত্যন্ত কঠিন হৈ পৰিছে। এই মথাউৰিটো খহনীয়াই চিঙি পেলালে জাৰতালুকৰ লগতে গোৱালবিল, ভেৰভেৰী, গড়ভিতৰ, উত্তৰ বৰশিৰাল, নিজ বৰশিৰাল আদিকে ধৰি অঞ্চলটোৰ বাৰ-তেৰখন গাঁও বানৰ কবলত পৰিব। ইতিমধ্যে খহনীয়াক লৈ শংকিত হৈ পৰিছে এইসমূহ গাঁৱৰ বাসিন্দা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme