ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি লাভ কৰা বহু চৰ্চিত ছবি ‘‘দ্যা কাশ্মীৰ ফাইলছ’’ য়ে বক্স অফিছত ধুমুহাৰ সৃষ্টি কৰিছে৷ এই ছবিখনক লৈ বিভিন্নজনে ভিন্ন মন্তব্য কৰিছে৷ ছবিখনত দেখুওৱা প্ৰতিটো ঘটনাই প্ৰতিগৰাকী দৰ্শকক কাশ্মীৰৰ ৰক্ত ৰঞ্জিত ইতিহাসৰ সৈতে চিনাকী কৰি দিবলৈ সক্ষম হৈছে ৷ কাশ্মীৰি পণ্ডিত সকলৰ লগত ঘটা প্ৰতিটো ঘটনাই বাস্তৱৰূপ দিয়াত সফল হৈছে প্ৰযোজক বিবেক ৰঞ্জন অগ্নিহোত্ৰী৷
শেহতীয়াকৈ ‘‘দ্যা কাশ্মীৰ ফাইলছৰ’’ এখন পোষ্টাৰে সামাজিক মাধ্যমত ব্যাপক চৰ্চিত হৈছে৷ এগৰাকী যুৱতীয়ে নিজ তেজেৰে আঁকিছে ‘‘দ্যা কাশ্মীৰ ফাইলছৰ’’ পোষ্টাৰ৷ মধ্যপ্ৰদেশৰ বিদিশাৰ নিৱাসী এই গৰাকী যুৱতীৰ নাম মঞ্জু চোনী৷ যুৱতী গৰাকীৰে ছবিখন উপভোগ কৰাৰ পিছত আবেগিক হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷ যাৰ বাবে যুৱতীগৰাকীক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে টুইটযোগে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আশ্বৰ্য প্ৰকাশ কৰে ৷
মঞ্জু চোনীয়ে জনোৱা অনুসৰি, ‘‘দ্যা কাশ্মীৰ ফাইলছৰ’’ ছবিখনে মুকলি হোৱা পিছৰে পৰা যথেষ্ট বিতৰ্কৰ মাজলৈ সোমাই পৰে, লগতে এই ছবিখনে কম সময়ৰ ভিতৰতে দেশবাসীৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত মঞ্জুৰ এই ছবিখন চোৱাৰ হেপাঁহ জাগি উঠে আৰু ছবিখন তেওঁ উপভোগ কৰে৷ ছবিখন চোৱাৰ পিছতে মঞ্জুৰ মন-মগজু সম্পুৰ্ণ পৃথক হৈ পৰে আৰু ছবিখনক লৈ ব্যতিক্ৰমী কিবা কৰাৰ বাবে ইচ্ছা জাঁগে৷ যাৰবাবে তেওঁ নিজ তেজেৰে ‘‘দ্যা কাশ্মীৰ ফাইলছৰ’’ এখন পোষ্টাৰ তৈয়াৰ কৰে৷ মঞ্জু চোনীয়ে ১০ মি.লি তেজেৰে সম্পূৰ্ণকৈ সাজি উলিয়ায় এই বিশেষ পোষ্টাৰখন৷