Current Trend Assam Desk – পৱিত্ৰ ঈদ-উল-ফিতৰলৈ মাজত মাঁথো কেইটমান দিন বাকী৷ পৱিত্ৰ ঈদক লৈ দেশৰ মুছলমানধৰ্মী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উছাহ উদ্দীপনা৷ কিন্তু ইয়াৰ মাজতেই ঈদৰ প্ৰাকক্ষণত বিজেপিয়ে দৰিদ্ৰ মুছলমানৰ মাজত উপহাৰ বিতৰণৰ কাম আৰম্ভ কৰিছে। ‘চৌগাত-এ-মোডী’ অভিযানৰ অধীনত বিজেপিয়ে ৩২ লাখ দৰিদ্ৰ মুছলমানক ঈদৰ পূৰ্বে উপহাৰ দিব। মঙলবাৰে দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ পৰা এই উপহাৰ প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয়। দৰিদ্ৰ মুছলমানেও যাতে উলহ-মালহেৰে ঈদ পালন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই উপহাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিজেপিৰ ৩২ হেজাৰ সদস্যক এই উপহাৰ প্ৰদানৰ কাম অর্পণ কৰা হৈছে। প্রতিজন সদস্যই একোটাকৈ মছজিদৰ দায়িত্ব ল’ব আৰু তাত ঈদৰ উপহাৰ প্ৰদান কৰিব। এনেদৰে দেশৰ ৩২ হেজাৰ মছজিদ সামৰি লোৱা হ’ব।