অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ আগষ্ট মাহৰ সাহিত্য আলাপ ‘বিৰিণা বৈভৱ’ৰ লগতে বিশিষ্ট সাহিত্যিক লক্ষ্যধৰ চৌধুৰী আৰু কালান্তৰৰ কবি অমূল্য বৰুৱাৰ স্মৃতিচাৰণ সভা দেওবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলত অনুষ্ঠিত হৈ যায়। গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত বন্তি প্ৰজ্বালন কৰে অসম নাট্য সন্মিলনৰ বৰক্ষেত্ৰী শাখাৰ সভাপতি বাবুল বণিক্য আৰু গৰেমাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী নৱজিৎ ডেকাই। লক্ষ্যধৰ চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মুগদি মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কাপলাবড়িস্থিত নেচনেল একাডেমীৰ অধ্যক্ষ আচকৰ আলী আহমেদে আৰু অমূল্য বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত আৰবান টেকনিকেল অফিচাৰ পদত সফলতাৰে উত্তীৰ্ণ হোৱা মোজাম্মিল হকে। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতিৰ সম্পাদক ছহিদ আলীয়ে। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি লক্ষ্যধৰ চৌধুৰী আৰু অমূল্য বৰুৱাৰ জীৱন-দৰ্শন আৰু সাহিত্যকৃতি সম্পৰ্কত আলোকপাত কৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডঃ জ্যোতিপ্ৰসাদ দাসে। মুকালমুৱাৰ সংবাদদাতা সুৰজিত পাঠকৰ তথ্য অনুসৰি উক্ত স্মৃতিচাৰণ সভাত নলবাৰী আৰু বৰপেটা জিলাৰ তিনিকুৰি সদস্য উপস্থিত থাকি কথা-কবিতা-গীত আৰু পুষ্পাঞ্জলি অৰ্পণেৰে দুয়োগৰাকী কবি-সাহিত্যিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোষ্ঠীটোৰ সহকাৰী সম্পাদক জয়ন্ত ডেকাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহকাৰী সম্পাদক সুৰজিৎ পাঠকে। শেষত অসম সংগীত পৰিবেশনেৰে সভাৰ সামৰণি পৰে।