1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 2:46 am

দুৰ্ঘটনাত হুইল চেয়াৰৰ সহায় লব লগা হোৱা অৱনী লেখাৰাই কাৰ আত্মজীৱনী পঢ়ি সাহস লাভ কৰিছিল?

  • Update Time : Friday, August 30, 2024

পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জয়৷ পেৰালিম্পিকত নিজৰ অভিলেখ ভংগ কৰি ইতিহাসৰ সৃষ্টি অৱনী লেখাৰাৰ৷ শ্বুটিঙত স্বৰ্ণ পদক অৰ্জন অৱনী লেখাৰাৰ৷

একেৰাহে দ্বিতীয়বাৰৰ বাবে পেৰালিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিছে অৱনীয়ে। এই কৃতিত্ব অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে অৱনী।
১১ বছৰ বয়সত গাড়ী দুৰ্ঘটনাত অৱনীৰ মেৰুদণ্ড ভাঙি যায়। ইয়াৰ পিছত তেওঁ হুইল চেয়াৰৰ আশ্ৰয় ল’বলগীয়া হৈছিল। কম বয়সতে হুইল চেয়াৰেৰে যাত্ৰা আৰম্ভ কৰা অভনীক পিতৃৰ পৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। জীয়েকক পঢ়া-শুনাৰ লগতে খেলৰ প্ৰতিও গুৰুত্ব দিবলৈ ক’লে। পঢ়াৰ লগতে অভনীয়ে ক্ৰীড়াতো সুযোগ বিচাৰিবলৈ ধৰিলে।

ভাৰতৰ তাৰকা পেৰা শ্বুটাৰ অৱনী লেখাৰাই কেইবছৰমান পূৰ্বে এক সাক্ষাৎকাৰত কৈছিল অভিনৱ বিন্দ্ৰাৰ বাবেই তেওঁৰ শ্বুটিঙৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। অভিনৱে ২০০৮ চনৰ বেইজিং অলিম্পিকত শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰিছিল। অভিনৱ বিন্দ্ৰাৰ আত্মজীৱনী ‘এ শ্বট এট হিষ্ট্ৰী’ পঢ়িছিল বুলি অৱনীয়ে কয়, তাৰ পিছত শ্বুটিংৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়িবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তাই ইয়াক নিজৰ কেৰিয়াৰ হিচাপে গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme