1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:04 pm

দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত টোপনিয়ে আগুৰি ধৰে নেকি?

  • Update Time : Friday, May 31, 2024

দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত বহুতৰে টোপনিয়ে আগুৰি ধৰে। দিনৰ ভাগত টোপনি যোৱাটো স্বাস্থ্যৰ বাবে ভাল নহয় তাৰোপৰি সকলোৰে বাবে সম্ভৱো নহয়। বিশেষকৈ কামৰ মাজত টোপনিৰ ভাব আহি থাকিলে কামত মনোযোগ দিয়াত অসুবিধা হয়। ৰাতি ভালদৰে টোপনি যোৱাৰ পিছতো দিনৰ সময়ছোৱাত টোপনিয়ে হেঁচা মাৰি ধৰে৷ আমি ভাৱি উলিয়াব নোৱাৰোঁ যে কিয় এনে হৈ আছে আমাৰ লগত৷
কিয় ইমান টোপনি টোপনি ভাৱ আহি থাকে৷ আমি কোনো কাম কৰি থাকিলে বা অফিচত কাম কৰি থকা অৱস্থাত টোপনিয়ে হেঁচা মাৰি ধৰে এনে ক্ষেত্ৰত কি কৰিব আপুনি জানক-

১) অতিৰিক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। পেট যিমানেই ভৰি থাকিব সিমানেই টোপনিৰ ভাব বেছি হ’ব। ভোক নিবাৰণৰ কাৰণে অলপ পৰিমাণে খাদ্য গ্ৰহণ কৰা উচিত।
২) খাদ্য গ্ৰহণৰ পিছত পানী খাব লাগে। শৰীৰত যিমান হাইড্ৰেট থাকিব সিমানে ক্লান্তি বোধ কম হ’ব। আৰু তাৰ ফলত টোপনিৰ ভাব নাইকিয়া হয়।
৩) যদি বহুত বেছি টোপনিৰ ভাব আহি থাকে তেনেহ’লে আহাৰ গ্ৰহণৰ ১৫ মিনিট পিছত কিছু সময় খোজ কাঢ়িলে টোপনি আঁতৰি যায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme