1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:35 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

দুগুণ হ’ব অসমৰ কৃষকৰ আয়! বিশেষ সমিতি গঠন…

  • Update Time : Thursday, December 2, 2021

ডিজিটেল ডেস্কঃ ২০২২ চনত সমগ্ৰ দেশৰ লগতে অসমৰ কৃষকৰো আয় দুগুণ হ’ব৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি সপোন দেখিছে সেই সপোন বাস্তৱ হোৱাৰ পথত৷ কৃষক সমৃদ্ধিশালী নহলে, দেশ সমৃদ্ধিশালী নহয়৷ কৃষকক সমৃদ্ধিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেখা সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্য আগত ৰাখিয়েই অসমতো হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত আৰম্ভ হৈছে কৃষি বিপ্লৱ৷ উচ্ছেদিত গৰুখুটি অঞ্চলৰ পৰাই আৰম্ভ হৈছে এই কৃষি বিপ্লৱৰ৷ কৃষিৰ লগতে পশুপালনেৰেও অসমৰ কৃষক স্বাৱলম্বী হ’ব পাৰে৷ ইতিমধ্যেই গুজৰাটৰ পৰা অনা ১০৮ টা গিৰ গাইৰে গৰুখুঁটিত দুগ্ধ বিপ্লৱো আৰম্ভ হৈছে৷

অসমৰ কৃষকে অন্য ৰাজ্যৰ কৃষকৰ লগত ফেৰ মাৰিব পৰাকৈ টনকীয়াল হৈ উঠিব৷ নতুন বছৰত দুগুণলৈ বৃদ্ধি পাব অসমৰ কৃষকৰ আয়৷ অসমৰ কৃষিক্ষেত্ৰক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য আগত ৰাখিয়েই ৰাজ্যিক বিজেপিয়ে গঠন কৰিব ‘কৃষক উৎপাদক সংগঠন’ (FPO)৷ কৃষক উৎপাদক সংগঠনটোৰ নিৰীক্ষণ তথা তদাৰকৰ বাবে এখন ৫ জনীয়া সমিতি গঠন কৰা হৈছে৷

উল্লেখ্য যে, কৃষকক সহায়ৰ বাবে গঠন কৰা এফপিঅ’ৰ বিষয়টো নিৰীক্ষণৰ বাবে বৃহস্পতিবাৰে ৫ জনীয়া সমিতি গঠন কৰা হৈছে৷ এই সমিতিখনত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি অশোক ভট্ট ৰায়, কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি প্ৰান কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰফুল্ল বৰা, কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ঋষিৰাজ হাজৰিকাকে ধৰি কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰো আছে বুলি জানিব পৰা গৈছে৷ অৱশ্যে ‘কৃষক উৎপাদক সংগঠন’ (FPO)ৰ কাম কেতিয়াৰে পৰা আৰম্ভ হ’ব সেই কথা বৰ্তমানো স্পষ্ট হোৱা নাই৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme