1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 17, 2025, 1:32 pm

দিনটোত কিমানটা আলমণ্ড খাব লাগে?

  • Update Time : Thursday, May 2, 2024

আলমণ্ড এবিধ শুকান ফল যাৰ পুষ্টিকৰ উপাদান শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। আলমণ্ডত বহুতো পুষ্টিকৰ উপাদান থাকে, যেনে শক্তি, চৰ্বি, প্ৰটিন, আঁহ, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম, কেলচিয়াম, ভিটামিন ই, ওমেগা-৩ ফেটি এচিড আৰু আইৰণ। এই কাৰণেই স্বাস্থ্য বিশেষজ্ঞসকলে ইয়াক খাদ্যৰ অংশ হিচাপে ল’বলৈ কয় যদিও গ্ৰীষ্মকালত খাব লাগে নে নহয় সেই সম্পৰ্কে বহু প্ৰশ্ন মনত ৰৈ গৈছে।

১- আলমণ্ড যিকোনো ঋতুতে খাব পাৰি। মাত্ৰ তিয়াই খাব লাগিব। গৰমৰ দিনত কেঁচা আলমণ্ড খোৱাৰ ভুল নকৰিব। ইয়াৰ ফলত পেটৰ বিষ হব পাৰে।

২- আচলতে আলমণ্ডৰ প্ৰকৃতি গৰম। এনে পৰিস্থিতিত গৰমৰ দিনত পিত্ত দোষ হ’ব পাৰে। গতিকে আলমণ্ড ৰাতিটো তিয়াই ৰাখি পুৱা খোৱাটো ভাল।

৩- আলমণ্ড ৰাতি তিয়াই খালে পাচন ক্ষমতা মজবুত হয়। আলমণ্ডত থকা মনোঅনচেচুৰেটেড ফেটে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

৪- তিয়াই থোৱা আলমণ্ড খালে ইয়াৰ শোষণ ক্ষমতা বৃদ্ধি পায়। হৃদযন্ত্ৰৰ বাবেও ইয়াক অতি উত্তম বুলি গণ্য কৰা হয়। বেয়া কলেষ্টেৰল কমোৱাতো আলমণ্ডে সহায় কৰে। আলমণ্ড তিয়াই খাব লাগে, কিন্তু ইয়াৰ বাকলি আঁতৰাই নিদিব কাৰণ ইয়াত অধিক পৰিমাণৰ আঁহ থাকে।

দিনটোত কিমান আলমণ্ড খাব লাগে?

৫ৰ পৰা ১০ বছৰ বয়সৰ শিশুৱে প্ৰতিদিনে ২ৰ পৰা ৪টা আলমণ্ড খাব লাগে। একে সময়তে সকলোৱে নিজৰ পাচন শক্তি অনুযায়ী আলমণ্ড খাব লাগে। কিছুমান মানুহৰ বাবে ২ টা আলমণ্ডো তেওঁলোকৰ লগত খাপ নাখায় আৰু পেটৰ লগত জড়িত সমস্যা আৰম্ভ হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme