CTA নিউজ ডেস্কঃ ১২ জুন, আহমেদাবাদত দুর্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্রিমলাইনাৰ বিমানক কেন্দ্ৰ কৰি দেশজুৰি শোকৰ বন্যা বৈছে। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীকে ধৰি ২৪২জন যাত্রী বিমানখনত আছিল। যাত্ৰীসকলৰ ভিতৰত আছিল ৫২জন ব্রিটিছ আৰু ৬জন পর্তুগীজ নাগৰিক। এয়াৰ ইণ্ডিয়াৰ বিমান নম্বৰ এআই-১৭১ দিনৰ ১.৩৮ বজাত উৰা মাৰিছিল। বিমানখনৰ কেপ্টেইন আছিল সুমিত সভাৰৱাল। তেওঁৰ সৈতে আছিল প্রথম বিষয়া ক্লাইভ কুণ্ডাৰ। কেপ্টেইন সুমিত সভাৰৱাল এলটিচি আছিল। তেওঁৰ আছিল ৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা। সহ-পাইলটৰ ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল। LTC মানে লাইন ট্রেইনিং কেপ্টেইন। এইসকল অভিজ্ঞ পাইলট যিয়ে আন পাইলটক প্রশিক্ষণ দিয়ে। প্ৰাৰম্ভিক খবৰ অনুসৰি বিমানখনৰ ইঞ্জিনৰ কাৰিকৰী বিজুতিৰ বাবেই এই দুর্ঘটনা সংঘটিত হয়। অৱশ্যে এই সন্দর্ভত এতিয়ালৈকে বিশেষ তথ্য পোৱা হোৱা নাই। খবৰ অনুসৰি এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ৫০ টা মৃতদেহ। সাহায্য আৰু উদ্ধাৰ কৰ্মীয়ে জুই নির্বাপনৰ লগতে ধ্বংসাৱশেষত আহত আৰু মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত Flight cabin crew হিচাপে কৰ্মৰত আছিল মিজোৰামৰ লামনুনথিয়েম চিংচন আৰু মণিপুৰৰ যুৱতী কে এন শৰ্মা। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে অধিকাংশ যাত্ৰীৰ দেহ সম্পূৰ্ণ জ্বলি যোৱাৰ উপক্ৰম হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, বৰ্তমানলৈ সন্ধান নাই Flight cabin crew-ৰ দায়িত্বত থকা মিজোৰামৰ লামনুনথিয়েম চিংচন আৰু মণিপুৰৰ যুৱতী কে এন শৰ্মাৰ। সকলোৱে প্ৰাৰ্থনা কৰিছে চিংচন আৰু কে এন শৰ্মা কুশলে থাকক।
মিজোৰামৰ লামনুনথিয়েম চিংচন
মণিপুৰৰ যুৱতী কে এন শৰ্মা