1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:13 pm

থানা পালেগৈ শশীকান্ত!কংগ্ৰেছৰ এজেণ্ট পি সাথেৰ বিৰুদ্ধে দাখিল এজাহাৰ

  • Update Time : Friday, April 1, 2022

ডিজিটেল ডেস্কঃ ‘মই মানসিকভাৱে ভাঙি পৰিছো, মোক পৰিকল্পিতভাৱে ভোট বাতিল কৰিবলৈ প্ৰৰোচনা কৰিছিল৷ আমাৰ এজেম্ট পৃথ্বীৰাজ সাথেই মোক প্ৰৰোচনা কৰি ভোট বাতিল কৰিবলৈ কৈছিল৷ মই এজেণ্টৰ বিৰুদ্ধে সেয়ে আইনী যুঁজ কৰিমেই৷’ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে কৰিছে এই মন্তব্য৷

ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছতেই এই বিস্ফোৰক মন্তব্য কৰিছে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে৷ থৰক-বৰক হৈ পৰিছে কংগ্ৰেছৰ বৰঘৰ৷ দলটোৰ খহনীয়া আৰম্ভ হৈছে৷ খহনীয়া মানে সাংঘাতিক খহনীয়া৷ পূৰ্বানুমান অনুসৰিয়েই বিজেপিৰ দখললৈ গ’ল ৰাজ্যসভাৰ দুয়োখন আসনেই৷ কিন্তু কংগ্ৰেছক কোনে কৰিলে এই প্ৰতাৰণা এই বিষয়টোৱে গৰম কৰি ৰাখিছে ৰাজনৈতিক মহল৷ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি সকলো মুখ্যমন্ত্ৰী হিমন্তৰেই মেজিক৷ কংগ্ৰেছৰ এজেণ্ট পি সাথেৰ সৈতে বিজেপিৰ আছে সু-সম্পৰ্ক৷ কেৱল মুখ্যমন্ত্ৰীয়েই নহয় মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতেও সাথেৰ আছে ঘনিষ্ঠ সম্পৰ্ক৷ হিমন্ত, পীয়ুষৰ পৰিকল্পনাতেই কংগ্ৰেছৰ এজেণ্ট হৈছিল পি সাথে৷

ইতিমধ্যে তথ্যসমূহ ফাদিল হৈছে৷ কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে নিজমুখে স্বীকাৰো কৰি লৈছে প্ৰৰোচনাৰ কথা৷ এজেণ্টৰ বাবেই কংগ্ৰেছ দলটোৱে এই নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হ’ল৷ শশীকান্ত দাসে এজেণ্ট বিৰুদ্ধে দিছপুৰ থানত এজাহাৰ দাখিল কৰিছে৷ এজেণ্ট চাথেৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে বিধায়ক শশীকান্তই৷ আনহাতে এই এজাহাৰ দাখিলত কংগ্ৰেছৰ বিধায়কক সংগ দিছে
শাসকীয় দলৰ বিধায়কে৷ বিধায়ক তৰংগ গগৈ আৰু কৃষ্ণকান্ত তাঁতীয়ে সংগ দিয়ে শশীকান্তক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme