এদিন অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, হে কেশৱ, এই পৃথিৱীত আটাইতকৈ বিশাল কি? মোৰ মনত উদ্ৰেক ঘটা এই প্ৰশ্নৰ উত্তৰ পালে মই কৃতাৰ্থ হ’ম মাধৱ৷’
অৰ্জুনৰ উত্তৰ শুনি মিচিকিয়াই হাঁহি যশোদা নন্দনে ক’লে, ‘শুনা পাৰ্থ, এই পৃথিৱীত আটাইতকৈ বিশাল বুলি ক’লে ভূ-খণ্ডকেই ক’ব লাগিব৷ য’ত অগণন মানৱ জীৱই জীৱন নিৰ্বাহ কৰি আছে৷ কিন্তু ভূ-খণ্ডকো দেখোন সাগৰে আৱৰি আছে, তেন্তে ভূ-খণ্ডতকৈ বিশাল সাগৰ বুলি ক’ব লাগিব৷ কিন্তু সাগৰকো আমি বিশাল বুলি ক’ব নোৱাৰো কাৰণ মহামুনি অগস্ত্যই সাগৰক পি খাইছিল৷ সেয়ে সাগৰতকৈ বিশাল ঋষি অগস্ত্য৷ কিন্তু ঋষি অগস্ত্যকো বিশাল বুলি ক’ব নোৱাৰি, কাৰণ ঋষি অগস্ত্য আকাশৰ এটা কোণত হে তৰা হৈ নিজৰ অৱস্থান গ্ৰহণ কৰি আছে৷ তেন্তে আমি ক’ব লাগিব আটাইতকৈ বিশাল আকাশ৷ কিন্তু আকাশক দেখোন মোৰ বামন অৱতাৰে এটা খোজতেই দখল কৰিছিল৷ তেন্তে ক’ব লাগিব পৃথিৱীৰ আটাইতকৈ বিশাল মইয়েই৷ কিন্তু পাৰ্থ, মইনো নিজকেই নিজেই বিশাল বুলি কওঁ কিদৰে৷ কাৰণ মই দেখোন মোৰ প্ৰতিগৰাকী ভক্তৰ হৃদয়ত বাস কৰো, সেয়ে পাৰ্থ পৃথিৱীৰ আটাইতকৈ বিশাল বুলি ক’বলৈ গ’লে কৃষ্ণভক্তিত লীন হোৱা মোৰ ভক্তৰ হৃদয়৷’