পিতৃ-মাতৃ দুয়োজনেই অভিনয় জগতৰ লগত জড়িত। তাৰকা দম্পতীৰ কন্যা হোৱাৰ পাছতো বালিপাৰাত নাম উলিয়াব নোৱাৰিলে ছাই মঞ্জৰেকাৰ। অজয় দেৱগন
আৰু টাবুৰ দৰে ডাঙৰ নাম তাৰকাৰ সৈতে ছাইক অভিনয় কৰা দেখা যাব। ১৯৯৮ চনৰ ২৯ আগষ্টত মহাৰাষ্ট্ৰৰ মুম্বাইত ছাইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অভিনেতা-
পৰিচালক মহেশ মঞ্জৰেকাৰ আৰু মাতৃ প্ৰযোজক মেধা মঞ্জৰেকাৰ। মহেশে হিন্দী, মাৰাঠী, তামিল আৰু তেলেগু ছবিত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে।
১৯৮৭ চনত মহেশে দীপা মেহতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত দুটা সন্তান জন্ম দিলে দীপাই। তাৰ পিছত ১৯৯৫ চনত অভিনেত্ৰী-প্ৰযোজক মেধাৰ সৈতে
বিবাহপাশত আবদ্ধ হয় মহেশে। তেওঁলোকৰ সন্তান ছাই মঞ্জৰেকাৰ। ছাইয়ে মুম্বাইৰ স্কুল-কলেজত পঢ়িছিল। সৰুৰে পৰা অভিনয় আৰু নৃত্যত কেৰিয়াৰ গঢ়ি তোলাৰ
সপোন দেখিছিল। ২০১২ চনত মুক্তি পোৱা ‘কাকস্পাৰছ’ নামৰ মাৰাঠী ছবিখনত ছাইয়ে শিশু অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। তেওঁৰ পিতৃ মহেশ এই ছবিখনৰ
পৰিচালক আছিল। এই ছবিখনত তেওঁৰ মাতৃ মেধাই অভিনয় কৰিছিল।’ ২০১৯ চনত ছবিগৃহত মুক্তি লাভ কৰিছিল Dabangg 3। এই ছবিখনত ছাইয়ে ছলমান খানৰ
প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছলমানৰ হাতত ধৰি বালিপাৰাত কেৰিয়াৰ আৰম্ভ কৰিলেও তেওঁ নিজৰ পৰিচয় সৃষ্টি কৰিব নোৱাৰিলে। ‘দবাং ৩’ত ছাইৰ
পিতৃ-মাতৃক সহায়ক চৰিত্ৰত দেখা গৈছে। লাহে লাহে ডাঙৰ পৰ্দাৰ উপৰিও ছাইক মিউজিক ভিডিঅ’তো অভিনয় কৰা দেখা যায়। বলী অভিনেতা আয়ুষ শৰ্মাৰ সৈতে
গীতৰ ভিডিঅ’টোত অভিনয় কৰিছিল। ২০২২ চনত ছাইয়ে ‘ঘানী’ নামৰ এখন তেলেগু ছবিত অভিনয় কৰিছিল, কিন্তু ছবিখন বক্স অফিচত বিফল হয়।
‘আৰো মেই কাহা দম থা’ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। এই ছবিখনত অজয় দেৱগন আৰু টাবুক যোৰ কৰা দেখা যাব। এই ছবিখনতো অভিনয় কৰিছে ছাইয়ে।
‘আৰো মেই কহা দম থা’ছবিখনত ছাইয়ে পৰ্দাত টাবুৰ সৰু বয়সৰ চৰিত্ৰটোক চিত্ৰিত কৰা দেখা যাব।