1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:32 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

তীব্ৰ ৰ’দে মূৰৰ বিষ কৰে নেকি তেন্তে মানি চলক এইকেইটা টিপছ!

  • Update Time : Thursday, May 23, 2024

অত্যধিক গৰম আৰু তীব্ৰ ৰ’দে মূৰৰ বিষৰ সমস্যা অধিক ভয়াৱহ কৰি তোলে। ঘৰতে থাকিলে কিছু পৰিমাণে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। কিন্তু যিসকলে প্ৰতিদিনে ৰ’দত ওলাই যাব লগা হয়, তেওঁলোকে মূৰৰ বিষৰ সমস্যাত অধিক কষ্ট পায়। অত্যন্ত গৰম আৰু প্ৰখৰ ৰ’দত প্ৰায় সকলোৰে মূৰৰ বিষ হয়৷ এই মূৰ বিষৰ পৰা উপশম পাবলৈ বহুলোকে বহু উপায় অৱলম্বন কৰে, চিকিৎসকৰ কাষ চাপে যদিও এই সমস্যাৰ পৰা মুক্তি লাভ নকৰে৷ এনে ক্ষেত্ৰত কিছুমান উপায় অৱলম্বন কৰি চাব পাৰে,
১. গ্ৰীষ্মকালত শৰীৰত পানীৰ পৰিমাণ কমি যায়। মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ অধিক পানী খোৱাটো প্ৰয়োজনীয়। দিনটোত ৮–১০ গিলাচ পানী খোৱাটো জৰুৰী, মূৰৰ বিষ আৰম্ভ হ’লে পানী সেৱন বৃদ্ধি কৰিব লাগে। ইয়াৰ ফলত বিষ কমিব।
২. বহুতে মূৰৰ বিষ হ’লে চাহ বা কফিৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু তেনে নহয়, মূৰ বিষ হ’লে চাহ বা কফিৰ পৰা দূৰত থাকক৷
৩. মূৰৰ বিষ হ’লে কামৰ পৰা ক্ষন্তেক বিৰতি লৈ আন্ধাৰ কোঠা এটাত অকণমান সময়ৰ বাবে জিৰণি লওঁক৷
৪. মূৰ বিষ হৈ থকাৰ সময়ত মোবাইল, টিভিৰ চোৱাৰ পৰা বিৰত থাকক৷
৫. বহু দেৰিলৈকে খাদ্য নোখোৱাকৈ নাথাকিব৷ খাদ্যৰ তালিকাত তিঁয়হ, ৰঙালাও, পালেং যোগ কৰক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme