1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:16 am

ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ এইকেইখন ছবি ভাৰতীয় চিনেমাৰ গৌৰৱ, আপুনি চাইছেনে…

  • Update Time : Thursday, February 20, 2025

 

কাৰেণ্ট ট্ৰেণ্ড অসম Entertainment Desk- আজি ২০ ফেব্ৰুৱাৰী, আজিৰ দিনটোতেই ধৰাৰ বুকুলৈ আহিছিল প্ৰথিতযশা সাহিত্যিক, বোলছবি পৰিচালক ভৱেন্দ্ৰনাথ শইকীয়া৷ একমাত্ৰ ভৱেন্দ্ৰনাথ শইকীয়াই হৈছে এনে এগৰাকী অসমীয়া চিনে পৰিচালক যিগৰাকী চিনে পৰিচালকে নিজৰ স্বকীয় পৰিচালনা শৈলীৰে দেশতেই নহয় বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ আজিৰ বিশেষ দিনটোত আহঁক আলোচনা কৰো ভৱেন্দ্ৰ নাথ শইকীয়াৰ কেইখনমান বিশেষ চলচ্চিত্ৰৰ বিষয়ে, যি কেইখন ছবি অসমীয়া চিনে উদ্যোগৰ বাবে সম্পদ হিচাপে বিবেচিত হৈছে৷

ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথমখন পৰিচালিত ছবি ‘সন্ধ্যাৰাগ’৷ ১৯৭৭ চনত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ‘সন্ধ্যাৰাগে’৷ যশস্বী সাহিত্যিক গৰাকীয়ে চলচ্চিত্ৰ জগতত লাভ কৰা এইটোৱেই আছিল প্ৰথমটো বঁটা। আনহাতে চিনেমাখন ‘ভাৰতীয় পেনোৰামা’ লৈও নিৰ্বাচিত হৈছিল আৰু ‘ভাৰতীয় পেনোৰামা’ লৈ নিৰ্বাচিত হোৱা এইখনেই আছিল প্ৰথমখন অসমীয়া চিনেমা।
‘সন্ধ্যাৰাগ’ ছবিখনৰ কাহিনীভাগ আছিল এনেধৰণৰ- পুতলী নামৰ দুখুনী বিধবা এজনীৰ কাহিনী। তেওঁৰ জীয়েক দুজনী- চাৰু আৰু তৰু। জীয়েক দুজনীক নগৰৰ দুঘৰ চহকী মানুহৰ ঘৰলৈ বনকৰা ছোৱালী হিচাপে পঠিয়াই দিয়া হয়। ডাঙৰজনী ছোৱালী চাৰুক এজনী বনকৰা ছোৱালী হ’লেও এগৰাকী পৰিয়ালৰ সদস্যৰ দৰেই গৃহস্থই আকোৱালী লয়। কিন্তু সৰুজনী তৰুৰ সিমানখিনি সৌভাগ্য নাছিল। তাই অনবৰত লম্পট গিৰিহঁত আৰু তেওঁৰ ডেকা পুত্ৰৰ পৰা গা বচাই চলিবলগীয়া হয়। বিবাহোপযুক্ত হোৱাত দুয়োজনীয়ে চহৰৰ পৰা গুচি আহিবলৈ বাধ্য হয়। কিন্তু নগৰীয়া জীৱনত অভ্যস্ত হৈ উঠা সিহঁতে গাঁৱলৈ ঘূৰি আহি সংস্থাপনৰ অভাৱত চৰম দাৰিদ্ৰৰ মুখামুখি হবলগীয়া হয়। অৱশেষত দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সন্তান জন্ম দিব পৰা শক্তি নথকা বুলি জানিও পূৰ্বৰ মালিকৰ ড্ৰাইভাৰজনৰ সৈতে বিয়াত বহিবলৈ তৰুৱে সিদ্ধান্ত লয়। তৰুৱে বায়েকক তাইক লগত নিবলৈ কয়। আনহাতে মাক পুতলীয়েও জীয়েকৰ সন্তান হ’লে লাচনী-পাচনী কৰিবলৈ যিহেতু এগৰাকী অভিজ্ঞ মানুহৰ দৰকাৰ, সেয়ে তেৱোঁকো লগত নিবলৈ জীয়েকক অনুৰোধ কৰে।

অনিৰ্বাণ, ১৯৮১চনত মুক্তি লাভ কৰা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ৷। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত দ্বিতীয়খন ছবি। ড° শইকীয়াৰ অন্যান্য ছবিৰ দৰে এইখনৰো কাহিনী তেখেতৰে এটা চুটিগল্পৰ পৰা লোৱা হৈছিল। গল্পটো আছিল ১৯৬০ চনত ৰচনা কৰা ‘প্ৰহৰী’। ছবিখনত কোনো গীত নাছিল। তেখেতে পৰিচালনাৰ উপৰিও ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপো ৰচনা কৰিছিল। প্ৰযোজক আছিল তেখেতৰ পত্নী প্ৰীতি শইকীয়া। অনিৰ্বাণে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ‘ৰজত কমল’ বঁটা লাভ কৰিছিল’

অগ্নিস্নান, ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ অগ্নিস্নান। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। চলচ্চিত্ৰখনত অভিনয় কৰিছিল ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে। ভবেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল
ছবিখনৰ কাহিনী মনোবৈজ্ঞানিক আৰু অগতানুগতিক। এজন সম্পদশালী ব্যৱসায়ীয়ে দ্বিতীয় বিবাহ কৰিবলৈ মন মেলে। তেওঁৰ এই সিদ্ধান্তই তেওঁৰ প্ৰথমা পত্নী আৰু পুত্ৰৰ মনত তীব্ৰ খং আৰু আশ্চৰ্যৰ সৃষ্টি কৰে। স্বামীৰ প্ৰতি তেওঁৰ অপৰিসীম প্ৰেম আৰু সমৰ্পণৰ বিনিময়ত প্ৰথমা পত্নীয়ে প্ৰৱঞ্চনা পোৱা যেন অনুভৱ কৰে আৰু তেওঁ ইয়াৰ প্ৰতিশোধ লয়।

কোলাহল (The Turmoil), কোলাহল হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা ‘এন্দুৰ’ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল৷ চলচ্চিত্ৰখনত অভিনয় কৰিছিল ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে। চলচ্চিত্ৰখনে ৩৬ তম ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিবলৈ সক্ষম হৈছিল৷
কোলাহল ছবিখনৰ কাহিনীভাগ আছিল এনেধৰণৰ -ধানৰ বস্তা কঢ়িওৱা ট্ৰাকৰ পৰা ধান আনি মাকক যোগান ধৰা মোতিৰ ওপৰতেই মাক কিৰণ প্ৰায় নিৰ্ভৰশীল ৷ কিৰণৰ স্বামী কৰ্মৰ সন্ধানত ঘৰৰ পৰা আঁতৰলৈ যায় ৷ পুৰষ নথকা ঘৰখনত কিৰণৰ কাষ চাপিবলৈ উদ্বাউল হৈ থাকে ওচৰৰে চকীদাৰ এজন, দাদা এজন ৷ তেনে এক পৰিৱেশৰ মাজতে এদিন ধানৰ বস্তাৰ তলত সোমাই মোতিৰ অকাল মৃত্যু হয়৷ কিৰণৰ মাতৃ-হৃদয় থানবান হৈ পৰে ৷ কিছুদিন পাছত খবৰ আহে, তেওঁৰ গিৰিয়েক বিনোদে অইন এগৰাকী মহিলাৰ লগত থাকিবলৈ লৈছে ৷ সংকটৰ এই মুহূৰ্তত কাষ চাপি আহে ট্ৰাকৰ চাফাই কৰ্মী বাদল৷ তেওঁ কিৰণক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু বিয়া কৰাব বিচাৰে৷ জীৱনৰ এক চৰম দোদুল্যমান অৱস্থাত কিৰণে কি সিদ্ধান্ত লয় আৰু তেওঁৰ সেই সিদ্ধান্তটোত এৰি অহা জীৱনটোৱে কেনেধৰণৰ ভূমিকা পালন কৰে-সেইয়াই মূলতঃ কোলাহলৰ কাহিনী৷

সাৰথি, ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া ছবি। ড॰ শইকীয়াই ছবিখন কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ১৯৯১ চনত মুক্তি পোৱা ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া কাহিনীচিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।
সাৰথি ছবিখনৰ কাহিনীভাগ আছিল এনেধৰণৰ- নিৰঞ্জন দত্ত এজন চৰকাৰী কৰ্মচাৰী। দত্তৰ পৰিয়ালত পত্নী, ডেকা পুত্ৰ আৰু গাভৰু জীয়ৰী। বহু বছৰ চাকৰি কৰাৰ পিছত তেওঁ নিজৰ পৰিয়ালটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰি আছে। ঘৰৰ নিৰ্মাণ কাৰ্য আগবাঢ়ি যোৱাৰ লগেলগে দত্তৰ মূৰত নিজৰ বৈবাহিক জীৱন, বিশেষকৈ ঘৰটোৰ নক্সা সম্পৰ্কে পত্নী ল’ৰা-ছোৱালীহালৰ বিভিন্ন ইচ্ছা সংক্ৰান্তিয় চিন্তাবোৰ পাঘূৰণি খাবলৈ ধৰে। ঘৰটো তেওঁ পৰিয়ালৰ আটাইকেইজনৰ বাবে নিৰ্মাণ কৰি আছে, অথচ তাৰ প্ৰতি কাৰো গুৰুত্ব নাই। নিজৰ নিজৰ কামত ব্যস্ত পৰিয়ালৰ কাৰোপৰা এই কঠিন সময়চোৱাত বিশেষ সহযোগিতা লাভ নকৰি তেওঁ অকলশৰীয়া অনুভৱ কৰে। অতীতৰ বান্ধৱী নিৰ্মলাৰ কথা তেওঁৰ মনত পৰে। তেওঁৰ ভাব হয়, নিৰ্মলা যদি তেওঁৰ জীৱনসঙ্গী হ’লহেঁতেন, তেওঁক কিজানি বৰ্তমানৰ পত্নীতকৈ বেছি বুজি পালেহেঁতেন, বেছি সহযোগিতা আগবঢ়ালেহেঁতেন। এদিন সন্ধিয়া নিৰ্মাণস্থলীৰ পৰা উভতি গৈ ঘৰত জনালে যে আজি দিনটো তেওঁৰ একো নোখোৱাকৈ গ’ল। কাৰণ ঘৰৰ পৰা তেওঁলৈ দুপৰীয়াৰ আহাৰ নপঠিয়ালেই। তেতিয়া পত্নী, পুত্ৰ আৰু জীয়ৰীৰ মাজত আহাৰ পঠিয়াবলৈ পাহৰি যোৱা বাবে ইজনে সিজনৰ গালৈ দোষ থেলি তৰ্কত লিপ্ত হ’ল। কিন্তু দত্তই এইটো তেনেই সাধাৰণ কথা আৰু ইয়াৰ বাবে হূলস্থূল কৰিব নালাগে বুলি সামৰি থলে।

আৱৰ্তন, ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ আছিল আৱৰ্তন৷ ড॰ শইকীয়াই এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল। এই ছবিখনৰ এটা বিশেষ বৈশিষ্ট্য এয়ে যে এইগৰাকী পৰিচালকৰ অন্যান্য ছবিৰ দৰে ইয়াৰ কাহিনীভাগ কোনো চুটিগল্প বা উপন্যাসৰ পৰা লোৱা হোৱা নাছিল। প্ৰথমবাৰৰ বাবে তেখেতে ভ্ৰাম্যমাণ থিয়েটাৰ আধাৰিত এটা মৌলিক কাহিনীৰে এই ছবিখন নিৰ্মাণ কৰিছিল। ছবিখনৰ আৱহ সঙ্গীততো ভ্ৰাম্যমাণ থিয়েটাৰৰ সঙ্গীতশৈলী ব্যৱহৃত হৈছিল। ১৬ মিলিমিটাৰত নিৰ্মিত এইখন এখন ৰঙীন ছবি আছিল।
আৱৰ্তন ছবিখনৰ কাহিনীভাগ আছিল এনেধৰণৰ-
১৯৮২ চনৰ পৰা ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত হৈ আছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলৰ জীৱন তেখেতে বহু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল। এই অভিজ্ঞতাৰে তেখেতে আৱৰ্তনৰ কাহিনী ৰচনা কৰিছিল। গীত, নৃত্য, আবৃত্তি সকলোতে পাৰ্গত জয়ন্তী কিছুমান অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হৈ ভ্ৰাম্যমাণ থিয়েটাৰলৈ অভিনয় কৰিবলৈ গৈছিল। একপ্ৰকাৰ বাধ্য হৈয়ে তাই থিয়েটাৰৰ জীৱন বাচি লৈছিল। কাৰণ অভিনয়ৰ বাদে কৰিব পৰা তাইৰ একো নাছিল। প্ৰথম অৱস্থাত তাইৰ ঘৰখনে এইক্ষেত্ৰত বিৰোধ কৰিছিল যদিও এসময়ত সমগ্ৰ ঘৰখন একমাত্ৰ তাইৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছিল। সুদীৰ্ঘ ১২ বছৰ তাই ভ্ৰাম্যমাণ থিয়েটাৰত কটালে। এই সময়ছোৱাৰ ভিতৰত তাইৰ ডাঙৰজনী ভনীয়েকৰ বিয়াও হৈ গ’ল। কিন্তু তাইৰ কথা ঘৰখনৰ কোনেও চিন্তা নকৰিলে। ঘটনাক্ৰমে জয়ন্তীয়ে ইঞ্জিনীয়াৰ, এখন সংবেদনশীল হৃদয়ৰ গৰাকী পৰিমল দত্তক লগ পায়। লাহে লাহে দুয়োৰো মাজত সহৃদয়তা বাঢ়ে। পৰিমলে তাইক বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু তাইৰ বিয়াৰ ক্ষেত্ৰত বিভিন্নজন বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। প্ৰথম বাধা হয় তাইৰ ঘৰখন। কাৰণ তাইৰ বিয়া হৈ গ’লে তাইৰ উপাৰ্জনৰ পৰা ঘৰখন বঞ্চিত হব। থিয়েটাৰৰ নায়ক নিহাৰে বিৰোধিতা কৰে। কাৰণ বিবাহিত এই নায়কজনে তাইৰ শৰীৰটো আৰু উপভোগ কৰিবলৈ নাপাব। আনহাতে থিয়েটাৰৰ মালিকে তাইক এৰিব নিবিচাৰে। তাই তাৰকা অভিনেত্ৰী। তাইৰ ওপৰত থিয়েটাৰৰ ব্যৱসায়িক দিশটো বহু পৰিমাণে নিৰ্ভৰশীল। আনকি মালিকে থিয়েটাৰৰ চৰ্ত ভঙ্গ কৰিলে আদালতলৈ যোৱাৰো ভাবুকি দিয়ে। অৱশেষত থিয়েটাৰৰ কোনো ক্ষতি নোহোৱাকৈ কৌশলেৰে জয়ন্তীয়ে অভিনয় জীৱনৰ পৰা মেলানি মাগে আৰু পৰিমল দত্তৰ সৈতে এখন সুখৰ সংসাৰ গঢ়াৰ বাবে আগবাঢ়ে।

ইতিহাস, ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ আছিল ইতিহাস, ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিছিল।
ছবিখনৰ কাহিনীভাগ আছিল এনেধৰণৰ-
এই কাহিনী চহৰৰ উপকণ্ঠ অঞ্চলত বাস কৰা এটা দুখীয়া পৰিয়ালৰ কাহিনী। পৰিয়ালৰ মুৰব্বী সৰলা এগৰাকী বিধৱা মহিলা। তেওঁৰ দুজনী জীয়েক আৰু দুজন পুতেক। প্ৰকৃতিৰ ফ্লেটৰ ব্যৱসায়ী তেওঁলোকক প্ৰলোভন দিয়ে যে তেওঁলোকে বাস কৰা মাটিটুকুৰা যদি ব্যৱসায়ীজনক হস্তান্তৰ কৰে, তে্ন্তে তাত ফ্লেট নিৰ্মাণ কৰিব আৰু সৰলাহঁতে জুপুৰীৰ সলনি আধুনিক ফ্লেটত বাস কৰিব পাৰিব। সৰলাৰ পুতেক নেপাল আৰু ভোলা প্ৰলোভনৰ জালত বন্দী হয়। লোভৰ বশৱৰ্তী হৈ মাটিটুকুৰা তেওঁলোকে ব্যৱসায়ীজনক হস্তান্তৰ কৰি দিয়ে; কিন্তু ব্যৱসায়ীজনৰ উদ্যেশ্য আছিল বেলেগ। সংঘাত আৰম্ভ হয়। ছিন্ন-ভিন্ন হৈ পৰা পৰিয়ালটোৰ বাবে, জীয়াই থকাৰ তাড়নাত সৰলাৰ জীয়েক লখিমীয়ে ফ্লেটবোৰত ঘৰুৱা কাম কৰিবলৈ ল’লে। সুখে-দুখে পৰিয়ালটোক আৱৰি থকা তাইৰ প্ৰেমিক মধুও অৱশেষত তাইৰ ওচৰৰ পৰা আঁতৰি যাবলগীয়া হ’ল। তাই এক ভয়ঙ্কৰ জালত বন্দী হৈ পৰিল আৰু এদিন কুঁৱাত তাইৰ মৃতদেহ পোৱা গ’ল।চহৰৰ বিশাল ভৱনবোৰৰ আঁৰত যে লখিমীহঁতৰ দৰে এচাম শক্তিহীন ব্যক্তিৰ মৃত্যু আৰু স্থানচ্যূতিৰ অকথিত ইতিহাস লুকাই থাকে, তাকেই ছবিখনৰ যোগেদি বৰ্ণিত হৈছে।

কালসন্ধ্যা, কালসন্ধ্যা হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষাৰ বোলছবি। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল। বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখনৰ জৰিয়তে দেখুৱাব বিচৰা হৈছিল। যতীন বৰা, আশিস বিদ্যাৰ্থী, দেবশ্ৰী ৰয়, নিপন গোস্বামী আদিৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে ছবিখনৰ কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।উল্লেখনীয় যে, ছবিখন ১৯৯৭ চনৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল। সেই বছৰৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ প্ৰদৰ্শনী হৈছিল। আনহাতে কাইৰো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ ভাৰতীয় শাখাতো ছবিখন অন্তৰ্ভুক্ত হৈছিল।
কালসন্ধ্যা ছবিখনৰ কাহিনীভাগ আছিল এনেধৰণৰ- ৰঞ্জিত নামত এজন শিক্ষিত নিবনুৱাই সংগ্ৰাম বাহিনীত যোগদান কৰে। অস্ত্ৰধাৰী বিদ্ৰোহীয়ে সেইসময়তে কেতবোৰ হত্যাকাণ্ড সংঘটিত কৰিছিল। তেনে এক পৰিপ্ৰেক্ষিততে ৰঞ্জিতে অনুৰাধাৰ গিৰিয়েকক হত্যা কৰে। কিছুদিনৰ পাছত, স্থানীয় মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক বনজিৎ দত্তকো গুলীয়াই হত্যা কৰা হয়। ৰঞ্জিত ক্ৰমাৎ অধ্যাপকৰ পৰিয়ালৰ ঘনিষ্ঠ হৈ পৰে আৰু অনুশোচনা তথা অপৰাধবোধত দগ্ধ হ’বলৈ ধৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme