1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:07 am

ঠাণ্ডা দিনত সঘনাই হোৱা ডিঙিৰ বিষ আৰু কফৰ সমস্যাৰ সমাধান কিদৰে কৰিব

  • Update Time : Tuesday, November 5, 2024

যদি ডিঙিৰ বিষ হয়, আনকি সঠিক ভাবে কথা কোৱাটো কঠিন হৈ পৰে তেনেহলে এই সমস্যাৰ পৰা যিমান পাৰি সোনকালে পৰিত্ৰান পোৱাটো ভাল৷ পৰিৱৰ্তিত বতৰত ডিঙিৰ বিষ আৰু কফ হোৱাতো তেনে সাধাৰন কথা৷ গ্ৰীষ্মকালৰ পিছত শীতকাল আহিলে সাধাৰনতে এই সমস্যাৰ সৃষ্টি হোৱা দেখা যায়৷ এই সময়ছোৱাত মানুহে প্ৰায়ে চৰ্দি আৰু ডিঙিৰ সৈতে জড়িত সমস্যাত ভুগিবলগীয়া হয়৷ ইয়াৰ ফলত আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ এই সমস্যা প্ৰায় পুৱাৰ ভাগত বেছি হোৱা দেখা যায়৷ যদি আপোনাৰ প্ৰায় ডিঙিৰ বিষ আৰু কফ হয় তেন্তে আওকান নকৰিব, সময়ত ইয়াৰ সঠিক চিকিত্সা কৰাটো খুবে প্ৰয়োজন৷ ডিঙিৰ বিষৰ বাহিৰেও এইবোৰ সমস্যাক আওকান নকৰিব৷

১) উশাহ লোৱাত অসুবিধা হোৱাঃ কোনো ব্যক্তিৰ ডিঙিৰ বিষ অনবৰতে হৈ থাকে তেন্তে ইয়াক একেবাৰে আওকান কৰিব নোৱাৰি৷ কাৰণ এইটো হাওঁফাওঁ আৰু অন্যান্য হাওঁফাওঁত সংক্ৰমণৰ সৈতে জড়িত সমস্যা হব পাৰে৷
২) খাদ্য খোৱাৰ সমস্যাঃ যদিহে আপুনি খাদ্য খাবলৈ বা গিলিবলৈ অসুবিধা পাইছে আৰু ঔষধো খাই আছে কিন্তু আপুনি ভাল পোৱা নাই লগে লগে চিকিত্সাৰ পৰামৰ্শ লব লাগে কাৰণ এয়া শৰীৰৰ পক্ষে বিপদজনক হব পাৰে৷
৩) মাতৰ পৰিৱৰ্তনঃ ভাইৰাছৰ ছৰ্দি এদিনৰ পৰা ৩ দিনৰ পিছত ভাল হয়৷ কিন্তু আপোনাৰ যদি ডিঙিৰ বিষ ভাল হোৱা নাই আৰু আপোনাৰ মাতৰৰ পৰিৰ্বতন হৈছে, তেন্তে ইয়াক একেবাৰে আওকান কৰিব নোৱাৰে৷ বৰঞ্চ তত্ক্ষনাত চিকিত্সকৰ পৰামৰ্শ লওক৷

ডিঙিৰ আৰু কফ দূৰ কৰা ঘৰুৱা উপায়
১) গৰম পানী আৰু নিমখ গাৰ্গল কৰাঃ নিমখ মিহলাই গৰম পানীৰে গাৰ্গল কৰিলে ডিঙিৰ পৰা কফ আঁতৰোৱাত সহায়ক হয়। ইয়াৰ ফলত ডিঙিৰ ফুলাও কমি যাব পাৰে।
২) তুলসীৰ ৰসঃ তুলসী পাতৰ ৰস খালে ডিঙিত কফ কমোৱাত সহায়ক হয়। তুলসীৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে সংক্ৰমণকো প্ৰতিৰোধ কৰিব পাৰে।
৩) গৰম গাখীৰ আৰু হালধিঃ গৰম গাখীৰৰ লগত হালধি মিহলাই খালে ডিঙিত জমা হোৱা কফ আঁতৰোৱাত সহায়ক হয়। হালধিৰ এন্টিঅক্সিডেন্ট গুণ স্বাস্থ্যৰ বাবেও উপকাৰী।
৪)আদাৰ ৰসঃ আদাৰ ৰসে ডিঙি চাফা কৰাত সহায় কৰিব পাৰে আৰু কফ বাহিৰ কৰাত সহায়ক হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme