বৰ্তমান ৰীল বনোৱাৰ আসক্তি যেন কিছু বৃদ্ধি পাইছে। কেৱল যুৱক-যুৱতীয়েই নহয় শিশুৰ পৰা বৃদ্ধলৈ সকলো ব্যস্ত ৰীল বনোৱাত। লগতে বৃদ্ধি পাইছে ৰীল চোৱাৰ আসক্তিও। ৰীলৰ বাবেই নয়ডাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এক মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু হয় এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। ছাত্ৰজনে পৰীক্ষাৰ এডমিট কাৰ্ড লবলৈ বাইকেৰে স্কুললৈ গৈ আছিল। পথত ষ্টাণ্ট কৰি ‘ৰিল’ বনোৱাত ব্যস্ত ট্ৰেক্টৰ চালকে বাইকত খুন্দা মাৰে, যাৰ ফলত ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত ছাত্ৰজনৰ বন্ধুও আহত হয়, তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়।