1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:50 am

টোপনি গৈছিল ড্ৰাইভাৰ! প্ৰাণ গ’ল চাৰিগৰাকী লোকৰ…

  • Update Time : Monday, January 9, 2023

ডিজিটেল ডেস্কঃ মৃত্যুদূত হৈ নামিছে কুঁৱলী। ঘন কুৱঁলীৰ বাবেই এইবাৰ থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হল চাৰিগৰাকীকৈ যাত্ৰীয়ে। এই ঘটনা সংঘটিত হৈছে উন্নাওৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত ।

পিছফালৰ পৰা ডিচিএমৰ বাহনখনত খুন্দা মাৰে এখন বাছে। এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন লোক আহত হয়। দুৰ্ঘটনাগ্ৰস্ত শ্লীপাৰ বাছখন ৰাজকোটৰ পৰা গুজৰাটৰ লখিমপুৰ খেৰীলৈ গৈ আছিল।

ইফালে আৰক্ষীয়ে সদৰি কৰিছে যে, বাছ চালকজনে টোপনি যোৱাৰ বাবে আগফালে গাড়ীখন দেখা নাপালে। ইয়াৰ বাবেই বাছখনে পোনে পোনে ডিচিএমত খুন্দা মাৰে। পথ দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme