টেলিভিশ্বনৰ বিখ্যাত অভিনেত্ৰী হিনা খানে জীৱনৰ আটাইতকৈ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। ষ্টেজ থ্ৰী স্তন কেন্সাৰৰ সৈতে যুঁজি আছে হিনা খান।
কিন্তু স্তন কেন্সাৰৰ সৈতে যুঁজি থকাৰ মাজতো পুনৰ এক ৰোগে লগ লৈছে হীনা খানৰ। অভিনেত্ৰীগাৰকীয়ে দিয়া ইনষ্টাগ্ৰামৰ পোষ্টটোৰ জৰিয়তে জানিব পৰা গৈছে।
অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে প্ৰকাশ কৰে যে কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়াৰ বাবে তেওঁ ম্যুকোচাইটিছত আক্ৰান্ত হৈ আহিছে।
হিনাই নিজৰ পোষ্টত লিখিছে,“কেমোথেৰাপিৰ আন এটা পাৰ্শ্বক্ৰিয়া হ’ল ম্যুকোচাইটিছ। অৱশ্যে ইয়াৰ চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মানি চলিছো।
যদি আপোনালোকৰ কোনোবাই ইয়াৰ মাজেৰে পাৰ হৈ গৈছে বা কোনো উপযোগী প্ৰতিকাৰ জানে তেন্তে অনুগ্ৰহ কৰি পৰামৰ্শ দিয়ক। খাব নোৱাৰিলে সঁচাকৈয়ে কষ্ট হয়।
আপোনালোকে দিয়া প্ৰতিকাৰে মোক সহায় কৰিব।”