CTA SPORTS DESK- শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত ধাৰাবাহিকভাৱে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়াত বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত ভাৰতৰ চূড়ান্ত বিফলতাক কেন্দ্ৰ কৰি ৰোহিত শৰ্মাৰ অধিনায়কত্বক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু ইয়াৰ পাছতেই ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু ৰোহিত শৰ্মাৰ নেতৃত্বতেই চেম্পিয়নছ ট্ৰফীত ভাৰতে বৃহৎ জয়লাভ কৰে।
হিটমেনৰ পিছত কোন হ’ব ভাৰতৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক?
ৰোহিতে বৰ্তমানলৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাই। অৱশ্যে BCCI-য়ে ইতিমধ্যে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে যে ৰোহিতৰ সলনি পৰৱৰ্তী এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলটোৰ অধিনায়ক কোন হ’ব? এনে পৰিস্থিতিত এদিনীয়া মেচত ৰোহিতৰ পিছত পৰৱৰ্তী অধিনায়ক হিচাপে কেইবাগৰাকী তাৰকা ক্ৰিকেটাৰৰ নাম চৰ্চালৈ আহিছে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি আৰু সূত্ৰ অনুসৰি ভাৰতীয় ক্ৰিকেট দলটোৰ এদিনীয়া মেচসমূহৰ বাবে শুভমন গীলৰ নাম অধিনায়কৰ ক্ষেত্ৰত অধিক চৰ্চিত হৈছে। শেহতীয়াকৈ সমাপ্ত হোৱা চেম্পিয়নছ ট্ৰফীত ইতিমধ্যে শুভমনে উপ- অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছে। কেৱল সেয়াই নহয়, এদিনীয়া ফৰ্মেটতো সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে শুভমনে । সেয়ে সকলো দিশ বিবেচনা কৰি বহুতে জল্পনা-কল্পনা কৰিছে যে ৰোহিত শৰ্মাৰ পিছত গীলক ভাৰতৰ এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব দিব পাৰে বৰ্ডে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে BCCI-ৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই। ইফালে গীলৰ উপৰিও ভাৰতৰ অলৰাউণ্ডাৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ দুৰ্ধৰ্ষ ফিনিছাৰ হিচাপে পৰিগণিত হৈছে হাৰ্ডিক পাণ্ডিয়া। দেশৰ প্ৰায় সংখ্যত ক্ৰিকেট বিশেষজ্ঞই অনুমান কৰিছে যে যিহেতু পাণ্ডিয়াৰ তাত অধিনায়কত্বৰ পৰ্যাপ্ত অভিজ্ঞতা আছে, সেয়েহে অনাগত দিনত হাৰ্ডিকক ৰোহিত শৰ্মাৰ বিকল্প হিচাপে ভাৰতীয় মূল ক্ৰিকেট দলটোৰ অধিনায়ক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ব’ৰ্ডে যথেষ্ট চিন্তা কৰিব। ইফালে, গীল আৰু পাণ্ডিয়াৰ বাহিৰেও এই তালিকাত চৰ্চালৈ অহা আন এগৰাকী ক্ৰিকেটাৰ হৈছে কে এল ৰাহুল। এই পৰিস্থিতি ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে বাট চাইছে যে অৱশেষত কোন তাৰকা খেলুৱৈক টীম ইণ্ডিয়াৰ অধিনায়কৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ’ব।