1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 2:11 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

টকাৰ বাবে কিন্নৰ ৰেছমাৰ সৈতে এই কাণ্ড কৰিলে ছাগলীয়াৰ জাহাংগীৰে

  • Update Time : Thursday, May 16, 2024

গোলকগঞ্জৰ অন্তৰ্গত ছাগলীয়াত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। ধুবুৰীৰ সংবাদদাতা অমিতাভ কৰ্মকাৰে প্ৰেৰণ কৰা বাতৰি অনুসৰি ছাগলীয়াৰ দ্বিতীয়খণ্ড গাঁৱৰ খলিল সেখৰ পুত্ৰ জাহাংগীৰ আলমে ৰেছমা নামৰ এগৰাকী কিন্নৰৰ পৰা বিয়াৰ প্ৰতিশ্ৰুতি দি লুটিলে লক্ষাধিক টকা৷ এই অভিযোগ উত্থাপন কৰিছে খোদ কিন্নৰ ৰেছমাই৷ সংবাদমাধ্যমৰ সম্মুখত কিন্নৰ ৰেছমাই দিয়া ভাষ্য অনুসৰি, জাহাংগীৰ আলমে ৰেছমা নামৰ কিন্নৰগৰাকীক প্ৰথমে প্ৰেমৰ জালত বন্দী কৰে৷ তাৰপিচতেই কিন্নৰগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দি কিন্নৰ ৰেছমাৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰে৷ পৰৱৰ্তী সময়ত কিন্নৰগৰাকীয়ে যেতিয়া জাহাংগীৰক বিয়াৰ বাবে জোৰ কৰে, তেতিয়াই জাহাংগীৰে কিন্নৰ ৰেছমাৰ সৈতে যোগাযোগ বন্ধ কৰে৷ কিন্নৰ ৰেছমাই জাহাংগীৰক বিচাৰি জাহাংগীৰৰ ঘৰলৈ যাওতে জাহাংগীৰৰ পৰিয়ালবৰ্গই কিন্নৰ ৰেছমাক মাৰধৰ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে৷ উপায়ন্তৰ ৰেছমাই ন্যায় বিচাৰি বৰ্তমান দ্বাৰস্থ হৈছে ছাগলীয়া আৰক্ষী চকীৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme