1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 5:44 pm
Trending:
৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع

জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতাই পালে তিনিটাকৈ বিভাগ, কি কি দায়িত্ব লাভ কৰিলে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতাই…

  • Update Time : Thursday, June 9, 2022

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কলাক্ষেত্ৰত মন্ত্ৰী হিচাপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাই। ৰাজ্যপাল জগদীশ মুখীয়ে দুই মন্ত্ৰীকে পাঠ কৰালে শপত বাক্য। জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লেছাৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। শপত গ্ৰহণেই নহয়, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ ৰদবদলো কৰা হৈছে। অধিকাংশ মন্ত্ৰী বিধায়কৰ উপস্থিতিত শপত গ্ৰহণ কৰে দুই বিধায়কে।

নতুন দুই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক প্ৰদান কৰা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰ্যটন আৰু দক্ষতা বিভাগৰ দায়িত্ব আনহাতে নন্দিতা গাৰ্লেছাক প্ৰদান কাৰ হৈছে শক্তি, সমবায়, খনিজ, জনগোষ্ঠীয় উন্নয়ন বিভাগ।

৩টাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক। আনহাতে পূৰ্বৰ মন্ত্ৰীৰ দায়িত্বৰো কৰা হৈছে ৰদবদল। চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা কৰ্তন কৰা হৈছে পৰিবহন আৰু দক্ষতা বিকাশ বিভাগ। মন্ত্ৰী পাটোৱাৰীক নতুনকৈ অৰ্পণ বন আৰু পৰিৱেশ বিভাগ আৰু Ad East policy Affairs-বিভাগ। মন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যক নতুনকৈ অৰ্পণ কৰা হৈছে পৰিবহন বিভাগ।
মন্ত্ৰী শুক্ল্যবৈদ্যৰ পৰা কৰ্তন কৰা হ’ল বন বিভাগ। মন্ত্ৰী বিমল বৰাৰ পৰা কৰ্তন কৰা হৈছে শক্তিবিভাগ আৰু ক্ৰিয়া বিভাগ।

আনহাতে বিমল বৰাক নতুনকৈ দিয়া হ’ল উদ্যোগ আৰু বাণিজ্য বিভাগ। মন্ত্ৰী পীয়ুষ হাজৰিকাক নতুনকৈ অৰ্পণ কৰা হ’ল সামাজিক ন্যায়, সৱলীকৰণ বিভাগ। আৰু দুই নতুন মন্ত্ৰীৰ সংযোগেৰে বৰ্তমান হিমন্ত্ বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত মন্ত্ৰীৰ সংখ্যা ১৬জনলৈ বৃদ্ধি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme