1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
October 25, 2025, 9:12 pm

জ্বৰত আক্ৰান্ত হ’লে প্ৰতিবাৰে ঔষধ খোৱাটো বাৰু প্ৰয়োজন নে, জানি লওঁক সবিশেষ

  • Update Time : Saturday, October 25, 2025

জলবায়ু পৰিৱৰ্তনৰ লগে লগে নতুবা ভাইৰেল সংক্ৰমণৰ পৰা একাংশ লোক জ্বৰত আক্ৰান্ত হোৱা দেখা পোৱা যায়। সাধাৰণতে জ্বৰত আক্ৰান্ত হ’লে প্ৰায় সংখ্যক লোকে পেৰাচিটামল বা আন ঔষধ গ্ৰহণ কৰা দেখা যায় কিন্তু এই ঔষধসমূহ গ্ৰহণ কৰিলে কিছু ক্ষেত্ৰত আমি স্বাস্থ্য হানি কৰিব পাৰে। জ্বৰ হৈছে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা। ভাইৰাছ বা বেক্টেৰিয়াই আক্ৰমণ কৰিলে শৰীৰে উষ্ণতা বৃদ্ধি কৰি সেইবোৰক নিৰ্মূল কৰাৰ চেষ্টা কৰে। ৯৯-১০০ ডিগ্ৰী ফাৰেনহাইট জ্বৰ হোৱাটো স্বাভাৱিক আৰু ইয়াক ঔষধেৰে তৎক্ষণাত দমন কৰাৰ প্ৰয়োজন নাই। যদি জ্বৰ ১০৩ ডিগ্ৰীতকৈ অধিক হয় বা তিনিদিনতকৈ অধিক সময় থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।

জ্বৰত আক্ৰান্ত হ’লে কিয় ঔষধ খাব নালাগে ?

জ্বৰ হোৱাৰ লগে লগে পেৰাচিটামল বা আইবুপ্ৰ’ফেন গ্ৰহণ কৰে, কিন্তু এই প্ৰথা স্বাস্থ্যকৰ নহয়। এই ঔষধৰ অত্যধিক ব্যৱহাৰে যকৃত আৰু বৃক্কৰ ক্ষতি কৰিব পাৰে। জ্বৰৰ কাৰণ বুজি নোপোৱাকৈ ঔষধ সেৱন কৰাটো বিপদজনক হ’ব পাৰে। উদাহৰণস্বৰূপে, যদি ডেংগু বা মেলেৰিয়াৰ বাবে জ্বৰ হয়, তেন্তে কেৱল জ্বৰ কমালে ৰোগ ভাল নহয়। ২০২৪ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ৬০ শতাংশ লোকে জ্বৰৰ বাবে অভাৰ-দ্য কাউণ্টাৰ ঔষধ সেৱন কৰে। ইয়াৰ ফলত ঔষধৰ ফলপ্ৰসূতা হ্ৰাস পোৱাই নহয় পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাও বৃদ্ধি পায়।

জ্বৰ হ’লে কি কৰিব ?

জ্বৰ হ’লে প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব লাগে, লঘু খাদ্য খাব লাগে আৰু জিৰণি লওক। আনহাতে শিশুৰ ক্ষেত্ৰত ১০২ ডিগ্ৰী পৰ্যন্ত জ্বৰ ঔষধ অবিহনে নিয়ন্ত্ৰণ কৰিব পাৰি। যদি জ্বৰৰ লগত মূৰৰ বিষ, বমি বা উশাহ-নিশাহ লোৱাত অসুবিধা হয়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। এইটো কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। থাৰ্মোমিটাৰৰ সহায়ত জ্বৰ জুখিব লাগে, আৰু যদি জ্বৰ ১০৩ ডিগ্ৰীতকৈ বেছি হয় তেন্তে চিকিৎসকৰ নিৰ্দেশ অনুসৰি ঔষধ খাব লাগে।

জ্বৰ উঠিলে কি কি গ্ৰহণ কৰিব?

হাইড্ৰেচন অতি প্ৰয়োজনীয়: জ্বৰত পানীলগা হয়, পানী, নাৰিকলৰ পানী, বা অ’ আৰ এছ খাব লাগে।
লঘু আহাৰ: দাইল, চূপ খাব লাগে। ভজা খাদ্য পৰিহাৰ কৰক।
জিৰণিঃ জ্বৰৰ সময়ত শৰীৰক জিৰণিৰ প্ৰয়োজন হয়। অতিমাত্ৰা পৰিশ্ৰম পৰিহাৰ কৰক।
পৰিষ্কাৰ-পৰিচ্ছন্নতা: সঘনাই হাত ধুব লাগে যাতে সংক্ৰমণ বিয়পি নাযায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme