ডিজিটেল ডেস্কঃ এক মায়াৱী কণ্ঠৰ বিদায়। যাৰ গীত অবিহনে কল্পনাতীত ভাৰতৰ সংগীত ইতিহাস। যাৰ গীতৰ শ্ৰোতা এজন সাধাৰণ লোকৰ পৰা প্ৰধানমন্ত্ৰী নেহৰুলৈ। লতা মংগেশকাৰৰ কায়িক বিদায় সংগীত জগতৰ অপুৰণীয় ক্ষতি। লতাবিহীনতাত সমগ্ৰ দেশ আজি শোকস্তব্ধ৷ কোকিলকণ্ঠী লতাই কি ভাষাত গীত পৰিবেশন কৰা নাছিল! অসমীয়া বহু কেইটা গীততো সুৰ নিগৰাইছিল লতাই৷ লতাৰ সুৰে চহকী কৰিছিল অসমৰো সংগীত জগত৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে আছিল ভাতৃৰ সম্বন্ধ৷ ভূপেন হাজৰিকাক দাদা বুলি সম্বোধন কৰা লতাই সুধাকণ্ঠেৰে একেলগে বাণীবদ্ধ কৰিছিল বহুকেইটা গীত৷
সংগীতৰ কোনো পৰিধি নাই তাৰেই প্ৰমাণ লতা মংজেশকাৰ৷ নহলেনো কেনেকৈ এগৰাকী মাৰাঠী যুৱতীৰে প্ৰাণ ঢালি গাব পাৰে ‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ অথৱা জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে ইত্যাদি ইত্যাদি৷ গোদাবৰীৰ পাৰৰ পৰাই অসমীয়াৰ বুকুত আলোড়িত হৈছিল লতা, শিঁপা হৈ কুৰুকি সোমাইছিল হৃদয়ত প্ৰতিগৰাকী অসমীয়াৰ৷
লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত৷ ইন্দোৰ চহৰত জন্মগ্ৰহণ কৰা লতাৰ জীৱনৰ বাটতো জানো সুৰৰ দৰে মসৃণ আছিল! সেই সুমধুৰ কণ্ঠৰ আঁৰত লুকাই আছিল বহু অব্যক্ত বেদনাও। সংগীতক প্ৰাণেৰে ভালপোৱা লতাই ৫ভচৰ বয়সতে অভিনয় জগতত খোজ পেলাই৷ তেতিয়াৰে পৰাই আৰম্ভ হয় লতাৰ অন্য এক জীৱন৷ ৭বছৰ বয়সত ইন্দোৰৰ পৰা মহাৰাষ্ট্ৰলৈ যাত্ৰা৷ লতাৰ পিতৃ পণ্ডিত দীননাথ মংগেশকাৰো আচিল এগৰাকী মঞ্চশিল্পী তথা গায়ক৷ সৰুৰে পৰাই এক সাংস্কৃতিক পৰিবেশত ডাঙৰ হোৱা লতাই সংগীততেই জীৱনটো সঁপি দিয়ে৷ প্ৰায় ৩০ টাতকৈও অধিক ভাষাত গীত পৰিবেশন কৰিছে লতা মংগেশকাৰে৷ ১ হেজাৰতকৈও অধিক হিন্দী বোলছবিত কণ্ঠদান৷ অন্যান্য স্থানীৰ ভাষাৰ ছবিতো কণ্ঠদান কৰিছিল তেখেতে৷ ভাৰতৰ সংগীত ক্ষেত্ৰখনক আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচয় কৰাই দিয়াত লতাজীৰ অৱদানক নুই কৰিব নোৱাৰি৷
সেই কিংবদন্তী গায়িকা লতা মংগেশকাৰে আজি ৯২ বছৰ বয়সত কায়িক বিদায় মাগিলে। এই বছৰৰে জানুৱাৰীৰ আৰম্ভণিতে কভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁক৷ ক’ভিড পিছতেই নিউমোনিয়াতো আক্ৰান্ত বুলি ধৰা পৰে৷ অৱশেষত নিয়তিৰ কঠোৰ পৰিহাস, দেওৱাৰে পুৱা ৮বাজি ৩০ মিনিটত সকলোকে চিৰবিদায় জনালে লতাই৷
লতাই সংগীতৰ বাবেই লাভ কৰিছিল বহু বটাঁ-বাহনো৷ পদ্মভূষণ, দাদাচাহেব ফাল্কে বঁটা, ভাৰতৰত্ন, ফিল্ম ফেয়াৰ বঁটা, ৰাজীৱ গান্ধী পুৰস্কাৰ, নুৰজাহান বঁটা, মহাৰাষ্ট্ৰ ভূষণ ইত্যাদি বহু বঁটাৰে সন্মানিত হৈছিল লতা৷ কায়িক প্ৰস্থান ঘটিলেও লতা মংজেশকাৰে দি যোৱা সংগীতে ভাৰতৰ সংগীত জগতক সমৃদ্ধ কৰি ৰাখিব৷ সংগীত বুলিলেই লতা সেই কথা সকলোৱে প্ৰতিসময়তেই সোঁৱৰিব৷ মৃত্যুও শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য৷ লতা মংজেশকাৰ প্ৰতিগৰাকী ভাৰতীয় হৃদয়ত হৈ ৰওক সংগীতেৰে খোদিত অনন্য ভাস্কৰ্য৷