1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:57 am

জোতাত চেম্পেইন ঢালি পৰিবেশন… উল্লাস নে পৰম্পৰা!

  • Update Time : Monday, November 15, 2021

ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্টিত টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াই ১৮.৫ অভাৰত ৮ টা উইকেট লৈ নিউজিলেণ্ডক পৰাস্ত কৰিছে৷ কিৱি বাহিনীক পৰাস্ত কৰিয়েই আনন্দত আত্মহাৰা হৈ কেংগাৰু বাহিনীয়ে কৰা এটা অদ্ভূত কাণ্ডই তোলপাৰ লগাইছে সামাজিক মাধ্যম৷

টি-২০ বিশ্বকাপ-২০২১ ৰ ট্ৰফী লাভ কৰাৰ পিচতেই কেংগাৰু বাহিনীৰ এৰন ফিন্স আৰু মেথিউ বেডকে ধৰি একাংশক দেখা গল অদ্ভুত কাৰ্য কৰা৷ কেংগাৰু বাহিনীৰ খেলুৱৈসকলে চেম্পেইন আৰু বিয়েৰ পৰিবেশনৰ বাবে ব্যৱহাৰ কৰিলে পিন্ধি থকা জোতাযোৰক৷ ড্ৰেছিং ৰুমত তেওঁলোকে জোতাত চেম্পেইন,বিয়েৰ পৰিবেশন কৰাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতেই একাংশ নেটিজেনে কৈছে উল্লাসে সীমা চেৰাইছে অষ্ট্ৰেলিয়ান দলটোৰ৷

অৱশ্যে এইয়া কোনো অদ্ভুত কাণ্ড নহয়৷ অষ্ট্ৰেলিয়াত এনে ধৰণৰ উল্লাস অতি জনপ্ৰিয়। অষ্ট্ৰেলিয়া এনে উল্লাসক ‘চুই’ বুলি কোৱা হয়৷ তেওঁলোকে ভাবে যে এনেধৰণৰ উল্লাসে সকলো বেয়া সময় আঁতৰাই সৌভাগ্যৰ বাৰ্তা আনে। বিশেষকৈ এগৰাকী মহিলাৰ জোতাৰ পৰা চেম্পেইন খালে আৰু অধিক সৌভাগ্য আহে বুলি বিশ্বাস কৰে অষ্ট্ৰেলিয়াবাসীয়ে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme