1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:48 am

জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক…

  • Update Time : Tuesday, March 22, 2022

ডিজিটেল ডেস্কঃ জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক, Zomato ৰ খাদ্য বিতৰণ কৰি জীৱন নিৰ্বাহ কৰে যুৱকগৰাকীয়ে৷ নিজৰ লগতে ভনীয়েকৰ সপোন সাৰ্থক কৰিবলৈ নিজকে কৰ্মত সমৰ্পন কৰিছে যুৱকগৰাকীয়ে ? বিহাৰৰ বৈশালী জিলাৰ যুৱকজনৰ নাম মুকেশ কুমাৰ৷ যুৱকজনৰ জীৱন কাহিনীয়ে আপোনাক মুগ্ধ কৰি তুলিব৷ মুকেশে বিদ্যালয়ত পঢ়ি থকা দিনতে দৌৰৰ বাবে চাৰিবাৰকৈ সোণৰ পদক লাভ কৰে৷ তেওঁৰ এই সফলতাই বিদ্যালয়ৰ শিক্ষক সকলক প্ৰভাৱিত কৰে আৰু তেওঁক উৎসাহিত কৰে লগতে ভৱিষ্যতে আগুৱাই যোৱাৰ আশীৰ্বাদ দিয়ে নিজ শিক্ষাগুৰুৱে ৷ কাৰণ “শিক্ষক সকল এডাল মম বাতিৰ দৰে, নিজে জ্বলি আনক পোহৰ দিয়ে৷”

মুকেশে জনোৱা অনুসৰি তেওঁ এগৰাকী ৪০০ মিটাৰৰ দৌৰবিদ, তেওঁ ৰাজ্যিক পৰ্যায়ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ মুকেশে ৰাষ্ট্ৰীয় পৰ্যায়তো অংশগ্ৰহণ কৰে যদিও সেই প্ৰতিযোগীতাত তেওঁ চতুৰ্থ পদক লাভ কৰে৷ মুকেশ এই পৰাজয়ত ভাঙি পৰে আৰু মানসিক চিন্তাত ভুগে৷ সেই সময়চোৱাত শিক্ষক সকলে মুকেশক সাহস দিয়ে৷ শিক্ষকসকলে মুকেশক আগন্তুক প্ৰতিযোগীতাৰ বাবে অনুশীলন অব্যাহত ৰখাৰ সাহস যোগায়৷ শিক্ষকৰ কথা আখৰে আখৰে পালন কৰি অনুশীলন আৰম্ভ কৰে এই গৰাকী দৌৰবিদে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme